নিহত বনকৰ্মী জনৰ নাম টিপুচৰণ চাহু Credit: ইষ্ট ম'জ'

কাজিৰঙা- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বোকাবিল বনশিৱিৰ এলেকাত বুধবাৰে নিশা গঁড়ৰ আক্ৰমণত পুনৰ এজন বনকৰ্মী নিহত হয় ৷নিহত বনকৰ্মী জনৰ নাম টিপুচৰণ চাহু ৷দুজন সতীৰ্থৰ লগত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে পহৰা দি থাকোতেই গঁড়ে আক্ৰমণ কৰে ৷ লগে লগে বনকৰ্মী টিপুচৰণ চাহুক কহঁৰাৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

নিহত টিপুচৰণ চাহুৰ ঘৰ বোকাখাত মহকুমাৰ কমাৰগাওঁ থানা এলেকাৰ অন্তৰ্গত সেন্দুৰীটিং বাগিচাত বুলি প্ৰকাশ ।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভনিতেই কাজিৰঙাত গঁড়ৰ আক্ৰমণত দুজন বনকৰ্মীৰ মৃত্যু ঘটিছিল ৷ যোৱা ৩০ জানুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান খনৰ অগৰাতলি বনাঞ্চলত গঁড়ৰ আক্ৰমণত মহেশ্বৰ হাজৰিকা নামৰ এজন বনকৰ্মী নিহত হৈছিল৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply