যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন

কাজিৰঙা – কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত মৃত্যুমুখত পৰে এগৰাকী বনকৰ্মী। ফান্সৰ পৰিৱেশ মন্ত্ৰী বাৰবাৰা পোম্পিলিৰ কাজিৰঙা ভ্ৰমণ। পৰিৱেশ মন্ত্ৰীগৰাকীৰ সৈতে ৰাষ্ট্ৰদূতসহ ১১গৰাকী প্ৰতিনিধিও আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। এই ভ্ৰমণ কালত কাজিৰঙাত ফ্ৰান্স চৰকাৰৰ সহযোগত চলি থকা কেইবাটাও প্ৰকল্পৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য ২০১২ চনৰ পৰা ফ্ৰান্স ডেভেলপমেণ্ট এজেন্সীয়ে অসমৰ বন্য আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ অৰ্থে অৰ্থ আৰু প্ৰযুক্তিগত সহযোগ আগবঢ়াই আহিছে। এনে সহযোগৰ বাবে কাজিৰঙাৰ হাইলেণ্ড নিৰ্মাণকে ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া গাঁওসমূহত চলি থকা বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান লয় ফান্স চৰকাৰৰ দলটোৱে।

পৰিদৰ্শনৰ সময়ত কাজিৰঙাৰ পানবাৰীত বন বিভাগৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ যোগেদি প্ৰদান কৰা হস্ত-তাঁত শিল্প পৰিদৰ্শন কৰে দলটোৱে৷ পানবাৰী ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়খনত থকা হস্ত-তাঁত শিল্প কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে নিজে তাঁত বোৱাতো ব্যস্ত হৈ পৰা দেখা যায় ফ্ৰান্সৰ পৰিৱেশ মন্ত্ৰীগৰাকীক। অসমৰ শিপিনীৰ সৈতে মত বিনিময় কৰাৰ লগতে ফ্ৰান্সৰ দলটোৱে বোৱা মাস্ক পৰিধান কৰে। অসমৰ শিপিনীয়ে বোৱা মাস্ক পৰিধান কৰি যথেষ্ট আনন্দিত হৈ পৰে ফ্ৰান্সৰ পৰিৱেশ মন্ত্ৰীগৰাকী।

পানবাৰী ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়খনত সমবেত হোৱা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে উষ্ম আদৰণি জনাই ফ্ৰান্সৰ দলটোক।

ইয়াৰ বিপৰীতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰে সন্ধিয়াৰ ভাগত এটা গঁড়ৰ আক্ৰমণত মৃত্যুমুখত পৰে এগৰাকী বনকৰ্মী। কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ শিঙা বন শিবিৰ এলেকাত কৰ্তব্য পালন কৰি থকা অৱস্থাত বনকৰ্মী মহেশ্বৰ হাজৰিকাক এটা গঁড়ে আক্ৰমণ কৰে। আক্ৰমণত আহত বনকৰ্মীগৰাকীক লগে লগে চিকিৎসলায়লৈ নিয়া হয় যদিও চিকিৎসকে বনকৰ্মী মহেশ্বৰ হাজৰিকাক মৃত ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,868 other subscribers

Leave a comment

Leave a Reply