আয়ুস্মান খুৰানাক বাঁহৰ চুঙা দিয়াৰ সময়ত চন্দন নাথ Credit: ইষ্টম'জ'

কাজিৰঙা: বিশ্বৰ পৰ্যটকৰ মানচিত্ৰত গুৰুত্বপূৰ্ণ স্থান লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান | এই কাজিৰঙাত এতিয়া নিসিদ্ধ প্লাষ্টিকৰ বটল ,বেগ আদি | ইয়াৰ মূল কাৰণ হ’ল যাতে প্ৰাকৃতিক ভাৰসাম্যত যাতে বিঘিনি নহয় | ইয়াৰ বাবেই কাজিৰঙালৈ অহা পৰ্যটকৰ বাবে সুবিধা হোৱাকৈ অঞ্চলটোৰ চন্দন নাথে আৰম্ভ কৰিছিল নতুন পদ্ধতি | তেওৰ উদ্দেশ্য আছিল কাজিৰঙালৈ অহা পৰ্যটকে যাতে অসুবিধাত নপৰে আৰু প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিব পাৰে | সেই কামৰে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত এই স্বীকৃতি |

ইন্ডিয়া বুক অব ৰেকৰ্ডছ সন্মানেৰে সন্মানিত চন্দন নাথ

চন্দন নাথে দেশী বিদেশী পৰ্যটকৰ সুবিধাৰে বাঁহৰ চুঙাত পানী দিয়াৰ ব্যবস্থা আৰম্ভ কৰিছিল | কাজিৰঙাৰ বাঁহৰ চুঙাই স্থান লাভ কৰিছে ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত। শেহতীয়াকৈ অভিনেতা আয়ুস্মান খুৰানাৰ হাততো খোৱাপানীৰ বাবে বাঁহৰ চুঙা। পৰ্যটকে বাঁহৰ চুঙাত পানী খাই যথেষ্ট আনন্দ পোৱাৰ লগতে সমাদৰো লাভ কৰিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply