কাজিৰঙা- কভিড সৃষ্ট পৰিৱেশৰ মাজতে প্ৰথমবাৰলৈ অধিক পৰ্যটকৰ আগমন ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। চাৰিমাহত কাজিৰঙালৈ ভ্ৰমণৰ বাবে আহিল ১,৪৩,৮৮০ গৰাকী পৰ্যটক৷ ইয়াৰে ২৩৭ গৰাকী বিদেশী পৰ্যটক।
এই সময়ছোৱাৰ ভিতৰত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ ২.৬৬ কোটি টকা বুলি মত প্ৰকাশ কৰিছে উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে।
পিছে এইবাৰ বিদেশী পৰ্যটক নহয় কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ ব্যাপক সঁহাৰি জনাইছে অসম তথা উত্তৰ–পূবৰ পৰ্যটকে। পৰ্যটন ক্ষেত্ৰখনত নতুনকৈ সংযোজন হোৱা নদী পৰ্যটনে পৰ্যটকৰ বিপুল সঁহাৰি লাভ কৰিছে বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই।