কাজিৰঙা – কাজিৰঙাৰ বনকৰ্মীসকলক বিহুৰ উপহাৰ মন্ত্ৰী অতুল বৰাৰ। ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত ১৭২ গৰাকী বনকৰ্মীলৈ ভোগালী বিহুৰ উপহাৰ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।
ৰাজ্যজুৰি ভোগালীৰ উলহ মালহ পৰিৱেশ। ভোগালীক আদৰিবলৈ ব্যস্ত ৰাজ্যবাসী। প্ৰতিজন ব্যক্তি ঘৰত নিজৰ আপোনজনৰ লগত থাকি ভোগালীৰ আনন্দত মতলীয়া। ইয়াৰ মাজতে নিজ ঘৰখনৰ পৰা আঁতৰি বন্যপ্ৰাণী সমূহক সুৰক্ষা প্ৰদানৰ বাবে বন শিবিৰ সমূহত বনকৰ্মী সকল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন শিবিৰ সমূহত নিয়োজিত হৈ থকা বনকর্মী সকল যাতে বিহুৰ আনন্দ উল্লাখৰ পৰা বঞ্চিত হ’বলগীয়া নহয় ইয়াৰ বাবে বনকর্মী সকলৰ কাষত গৈ উপস্থিত হ’ল বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জেষ্ঠ্য কেবিনেট মন্ত্ৰী অতুল বৰা। মন্ত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মীসকলক প্ৰদনা কৰিলে উপহাৰ। উদ্যানখনত কৰ্মৰত ১৭২ গৰাকী বন কর্মীক মন্ত্ৰী গৰাকীয়ে প্ৰদান কৰে ভোগালী বিহুৰ উপহাৰ।
বুধবাৰে অগৰাতলী বন শিবিৰত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই ৩৪ টা বন শিবিৰত কৰ্তব্যৰত বনকৰ্মী সকল ভোগালীৰ পিঠা, জলপান, কেলেণ্ডাৰ, দিনলিপি আদি সামগ্ৰী উপহাৰ হিচাপে প্ৰদান কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষাৰ খাতিৰত বিহুৰ বতৰতো নিজ গৃহলৈ নগৈ পৰিয়ালৰ পৰা আঁতৰত থাকি উদ্যানখনত নিজৰ কৰ্তব্য পালন কৰি বন কর্মী সকলে যি ত্যাগ কৰিছে সেই ত্যাগক মন্ত্ৰীগৰাকীয়ে শলাগ লয়। লগতে সমূহ অসমবাসীকো মাঘ বিহুৰ উলগ জনায় মন্ত্ৰীগৰাকীয়ে।
ইফালে উৰুকা উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানৰখনৰ জলাশয়ত একাংশ লোকৰ মৎস চিকাৰকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ১৪৪ ধাৰা বলৱৎ থকা উদ্যানখনৰ অঞ্চলত মৎস চিকাৰ কৰিবলৈ যোৱা একাংশ ৰাইজক বাধা প্ৰদনা কৰে আৰক্ষী আৰু বনকৰ্মীয়ে৷