কাজিৰঙাৰ বনানিৰ জীৱন পৰিক্ৰমাৰ জীয়া সাক্ষী হৈ ৰৈছে শতায়ু গৰকা এজোপা বৃহদাকায় বৰগছ

বিতোপন মাজি,কাজিৰঙা: নতুন বছৰত ন-সাজেৰে পুনৰ জিলিকি উঠিছে কাজিৰঙাৰ “বনানি” ৷ গৌৰৱময় কাজিৰঙাৰ পৰ্যটনৰ ঐতিহ্য বহন কৰা বনানিৰ হেৰাই যাব খোজা গৰিমাই পুনৰ চঞ্চলতাৰে প্ৰাণ পাই উঠিছে এই ইংৰাজী নৱবৰ্ষতে ৷ বনানি হৈছে কাজিৰঙাৰ কহঁৰাত অৱস্থিত এটা চাং বঙলা ৷ যিটো অসম পৰ্যটন বিভাগৰ কাজিৰঙাস্থিত এটি পুৰণি অতিথিশালা ৷ কাজিৰঙাৰ প্ৰথমটো অতিথিশালা ৷ বনানি পৰ্যটন নিবাসৰ পুৰণি কৰ্মচাৰী কমলেশ্বৰ শইকীয়াই প্ৰকাশ কৰা ম’তে, ১৯৫৮ চনত এই চাং বঙলাটো নিৰ্মাণ কৰিছিল বনবিভাগে ৷ বনবিভাগৰ কাৰ্যালয় হিচাবে নিৰ্মিত চাংঘৰ আৰ্হিৰ ঘৰটো ৪ বছৰ বনবিভাগৰ কামত ব্যৱহাৰ কৰাৰ পাছত ১৯৬২ চনত অসম পৰ্যটন বিভাগক চাং বঙলাটো প্ৰদান কৰে বনবিভাগে ৷

কাজিৰঙাৰ প্ৰথমটো পৰ্যটন নিৱাস হিচাবে চিহ্নিত এই চাং বঙলাটোৰ নাম ৰখা হয় বনানি ৷ তেতিয়াৰে পৰাই কাজিৰঙাৰ প্ৰথম পৰ্যটন নিবাস হিচাবে সকলোৰে পৰিচিত বনানি ৷ ১৯৬২ চনৰ পৰাই কাজিৰঙালৈ আগমণ ঘটা বিশ্বৰ ভিন্ন প্ৰান্তৰ বহু দেশী-বিদেশী পৰ্যটকে নৈশ যাপন কৰি আহিছে বনানিত ৷ কাজিৰঙাৰ পৰ্যটনৰ ঐতিহ্য, পুৰাতন অনুভূতি বহন কৰা এই বনানি পৰ্যটন নিবাসলৈ ইতিপূৰ্বে আগমন ঘটিছে বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰ ভেংকটৰমণ, প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভি ভেংকটেশ্বৰ , ভাৰতৰ আৰ্মী জেনেৰেল শংকৰ ৰয় চৌধুৰী আদিকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে ৷

এই বনানিৰ কাষতে বনানিৰ জীৱন পৰিক্ৰমাৰ জীয়া সাক্ষী হৈ ৰৈছে শতায়ু গৰকা এজোপা বৃহদাকায় বৰগছ ৷ বনানিৰ কৰ্মচাৰী শইকীয়াই এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰা অনুসৰি, ২০১০ বৰ্ষত মালয়েচিয়াৰ পৰা অহা এটা বিশেষজ্ঞ পৰ্যটকৰ দলে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত বনানিৰ কাষতে থকা বৰগছ জোপাৰ বয়স ১০৭ বছৰ বুলি নিৰ্ধাৰণ কৰিছিল ৷ সেই অনুসৰি, সম্প্ৰতি প্ৰায় ১১৭ বছৰীয়া বিশাল বৰগছ জোপাই সাক্ষী বহন কৰা ৬২ বৰ্ষীয় বনানি অতিথিশালাই বিগত কেইবছৰ ধৰি দুৰ্ভাগ্যজনক ভাৱে গতি কৰিছিল ধ্বংসৰ মাজলৈ ৷

পৰ্যটক থাকিব নোৱাৰা অৱস্থা পৰ্যন্ত হৈ পৰিছিল বনানিৰ ৷ পৰ্যাপ্ত পৰিমাণৰ ধন আৱন্টন নোহোৱাৰ হেতুকে আৱশ্যকীয় মেৰামতি, আপডালৰ অভাৱত জহি-খহি যাব ধৰিছিল বঙলাটোৰ ইটোৰ পাছত সিটো কাঠৰ চাং-টিনপাত, আচবাব আদি ৷

কাজিৰঙাৰ প্ৰথমটো অতিথিশালা

কিন্তু শেহতীয়াকৈ চৰকাৰী তৎপৰতাত পুৰণা আৰ্হিতে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বনানিক ৷ সজাই তোলা হৈছে প্ৰতিটো কোঠা-আচবাব ৷ নতুনকৈ ৰং-তেল দি সজাই তোলাৰ লগতে, লগোৱা হৈছে বনানিত নতুন টিনপাত ৷

অসম পৰ্যটনৰ কাজিৰঙাস্থিত উপ-সঞ্চালক কাৰ্যালয়ৰ দায়িত্ববাহী বিষয়া বাথৌ খুংগুৰ বড়োৱে জানিব দিয়া ম’তে, বিভাগীয় ৰাজ্যিক পুঁজিৰ অধীনত ২০ লাখ টকাৰে পুনঃনিৰ্মাণৰ কাম সম্প্ৰতি শেষ হৈছে ৷ ২০২১ বৰ্ষত নতুন সাজেৰে বনানিয়ে পুনৰ ৰিঙিয়াই মাতিছে বিশ্বৰ ভিন্ন প্ৰান্তৰ দেশী-বিদেশী পৰ্যটকক ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply