কাজিৰঙা– কাজিৰঙাত সময় কটাইছেহি বলীউদৰ এগৰাকী জনপ্ৰিয় অভিনেতাই। হয়, ২৩জানুৱাৰীতে মুম্বাইৰ পৰা অসমত আহি উপস্থিত হ’লহি অভিনেতা আয়ুষ্মান খুৰানা। কিন্তু কিয়?
এখন হিন্দী স্পাই থ্ৰীলাৰ ছবি নিৰ্মাণৰ বাবে কাজিৰঙাত উপস্থিত হৈছেহি অভিনেতাজন। ইতিমধ্যে কাৰ্বি আংলঙৰ সেউজীয়া পাহাৰত আৰম্ভ হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ ৷
বুধবাৰে অভিনেতাগৰাকীয়ে একাংশ অভিনেতা, কলা-কুশলীসহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত প্ৰায় তিনিঘন্টা সময় প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে বলীউডৰ অভিনেতাগৰাকী।
জানিব পৰা মতে, ছবি নিৰ্মাণৰ উদ্দেশ্যেৰে কাজিৰঙাত বাহৰ পাতিছে বলিউডৰ যশস্বী পৰিচালক অনুভৱ সিনহা আৰু জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানা। পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ পৰিৱেশত বলিউডৰ বোলছবি পৰিচালক অনুভৱ সিনহাই নিৰ্মাণ কৰিব এই ছবিখন।
“স্পাই থ্ৰিলাৰ” নামৰ ছবিখনৰ মূল চৰিত্ৰত থকা আয়ুষ্মান খুৰানাই সোমবাৰৰ পৰা নিজৰ শ্বটছ দিয়া আৰম্ভ কৰিছে।
ইতিমধ্যে অঞ্চলটোৰ মনোৰম লোকেশ্বনত আৰম্ভ হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ। আনহাতে কাজিৰঙাত বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাক ওচৰতে দেখা পাই উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।