কামপুৰ- নগাঁও জিলাৰ কামপুৰত স্থানীয় ৰাইজৰ প্ৰতিবাদ। লুটুমাৰী-লংজাপ গড়কাপ্তানি পথটোৰ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে পথটো নিৰ্মাণত যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছে সেইবোৰ নিম্নমানৰ।
পথনিৰ্মাণত যিমান পৰিমাণৰ সামগ্ৰীৰ প্ৰয়োজন হৈছিল তাতকৈ কম সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰাৰ অভিযোগ তুলে স্থানীয় ৰাইজে। শুকুৰবাৰে পুৱাতেই ৰাজপথলৈ স্থানীয় ৰাইজ ওলাই আহি ”অসম চৰকাৰ হাই হাই”, ”স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাস মুৰ্দাবাদ”, ”ঠিকাদাৰ বাবুল নাথ মুৰ্দাবাদ” আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।
ইফালে পথটো নিৰ্মাণত থকা ঠিকাদাৰে পথটো নিৰ্মাণত অনিয়ম হোৱা নাই বুলি প্ৰতিবাদস্থলীতেই সাংবাদিকৰ আগত মন্তব্য় কৰে।
উল্লেখযোগ্য যে, কথাই প্ৰতি দুৰ্নীতিবিৰোধী শ্লোগান দিয়া চৰকাৰখনে ৰাজ্য়ত চলি থকা এই দুনীৰ্তিৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত ল’ব সেইয়াহে লক্ষ্যণীয় হ’ব।