কামপুৰ – কামপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মে-ডাম-মে-ফি পালন। কামপুৰৰ টাই আহোম বিকাশ পৰিষদৰ উদ্যোগত মে-ডাম-মে-ফি উদযাপন।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কামপুৰতো দেওবাৰে মে-ডাম-মে-ফি উদযাপন কৰা হয়৷ কামপুৰৰ টাই আহোম বিকাশ পৰিষদৰ উদ্যোগত আহোম গাঁও চাও-চেং-ৰেন মন্দিৰ প্ৰাংগনত মে-ডাম-মে-ফিৰ আয়োজন কৰা হয়৷ তাই আহোম সকলৰ পূৰ্বপুৰুষ সকলক স্মৰণ কৰা অন্যতম অনুষ্ঠান হৈছে মে-ডাম-মে-ফী।
কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, মৈদাম তৰ্পণ আৰু স্বৰ্গদেউ চাউলুং চুকাফাকে প্ৰমূখ্যকৰি আহোমৰ পূৰ্ব পুৰুষক স্মৰণ কৰি জাতিটোৰ লগতে দেশৰ কুশল কামনা কৰি পূজা অৰ্চনা কৰে। এই উপলক্ষ্যে আয়োজন কৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে জিতু গোস্বামীয়ে।