কামপুৰ: নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত সেউজ অসম আচঁনিৰ জৰিয়তে বৰপানী সংৰক্ষিত বনাঞ্চলত সাহিত্য মনিষী উপবন খনি শুভ উদ্বোধন কৰে বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই । বিভিন্ন জাতৰ ফল, ফুলৰ লগতে ঔষধি গছ থকা এই উপবন খনে অনাগত দিনত নৱপ্ৰজন্মক উপকৃত কৰিব বুলি মন্তব্য কৰে বন মন্ত্ৰী গৰাকীয়ে । অসম চৰকাৰে এখন সেউজীয়া অসম নিৰ্মানৰ লক্ষ্যৰে সমগ্ৰ অসমত দহ কৌটি জোপা বৃক্ষ ৰূপন কৰাৰ লগতে অতি দুৰ্লভ প্ৰজাতিৰ ঔষধি, ফল ফুলৰ প্ৰজাতিৰে এই সাহিত্য মনিষী উপবনসমূহ স্থাপন কৰিছে ৷
বৰ্তমানলৈকে সমগ্ৰ অসমত ২২ খন সাহিত্য মনিষী উপবন স্থাপন কৰা হয় বুলি মন্তব্য কৰাৰ লগতে বন বিভাগে চোৱা-চিতা কৰাৰ পিছত ৰাইজৰ হাতত তুলি দিব বুলি মন্ত্ৰী গৰাকীয়ে কয় । ইফালে কামপুৰত চলি থকা অবৈধ বালি মহল আৰু বৰপানী বনাঞ্চলৰ মাটি বেদখল কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত চৰাকাৰে এশ শতাংশ কৰিব পৰা নাই যদিও কিছু হলেও ব্যৱস্থা লোৱা বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, উদ্যান উদ্বোধন অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত হয় ৷ বহু পলমকৈ মন্ত্ৰী গৰাকী উপস্থিত হোৱাত খালী চকীৰ সন্মুখতে ভাষন দি যাব লগা হয় বন মন্ত্ৰী পৰিমল শুক্ল বদ্যই ৷