হাজোৰ যুৱক কৃষ্ণ বৈশ্যক হত্যাৰ প্ৰতিবাদ Credit: ইষ্ট ম'জ'

কামপুৰ: মাইক্ৰ ফাইন্সেঞ্চৰ কৰ্মচাৰীৰ নৃশংস হত্যাকাণ্ডৰ ন্যায় বিচাৰি নগাঁৱৰ কঠিয়াতলীত তীব্ৰ প্ৰতিবাদ ৷ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দাবী তুলি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কঠিয়াতলীৰ স্থানীয় ৰাইজে ৷ ১০ দিন উকলি যোৱাৰ পাছতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো অসম আৰক্ষীৰ দূৰ্বলতা বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰী সকলে ৷ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কঠিয়াতলী শাখাত কৰ্মৰত হাজোৰ কৃষ্ণ বৈশ্য নামৰ যুৱক জনে ঋণৰ ধন তুলিবলৈ যোৱাৰ সময়ত নৃশংস ভাবে হত্যা কৰি পেলাই থৈ গৈছিল ৷

কন্দলী ফায়েৰিং ফিল্ডৰ কাষৰ জংঘলত ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছিল যুৱক জনৰ মৃতদেহ ৷ ধনৰ লালসাত কোনো দূৰ্বৃত্তই হাত ভৰি বান্ধি ডিঙি কাটি হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ১০ দিনে কোনো এজন দোষীৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ আনকি যুৱক জনৰ মটৰচাইকেল খনো এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই ৷ স্থানীয় ৰাইজৰ দাবী শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ লগতে নিহত যুৱক জনৰ পৰিয়ালক ৫০ লাখ টকা ক্ষতি পূৰণ দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply