গুৱাহাটী – ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ চূড়াত শীঘ্ৰেই প্ৰতিষ্ঠা কৰা হ’ব ১৫ কেজি ওজনৰ সোণৰ কলহ৷ ৰিলায়েঞ্চ কোম্পানীৰ পৃষ্ঠপোষকতাত কামাখ্য মন্দিৰত এই সোণৰ কলহ প্ৰতিষ্ঠা কৰা হ’ব৷
উল্লেখ্য যে স্বৰ্ণ কলহ নিৰ্মাণৰ বাবেই ঢাকি ৰখা হৈছে মন্দিৰৰ চূড়া৷ আগন্তুক দীপাৱলীৰ পূৰ্বেই ঐতিহ্যমণ্ডিত কামাখ্য মন্দিৰত এই কলহ প্ৰতিষ্ঠা কৰা হ’ব বুলি জানিব পৰা গৈছে৷
ইতিমধ্যেই দীপাৱলী উপলক্ষে বিশেষভাৱে সজাই-পৰাই তোলা হৈছে কামাখ্যা মন্দিৰ৷