নিউজ ডেস্ক: ইৰাণী গ্রুপৰ বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে কামৰূপ আৰক্ষী ৷ পলাশবাৰীত শুকুৰবাৰে সংঘটিত এক ধন লুটৰ ঘটনাৰ পিছতে কামৰূপ আৰক্ষীয়ে পেলোৱা জালত পৰে ইৰাণী গ্রুপৰ ছয় সদস্য৷ আমিনগাঁৱৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰায়ে এখন সংবাদ মেলত জানিবলৈ দিয়ে৷ মহানগৰীৰ কামাখ্যাৰ বাবাধামৰ সমীপৱর্তী এটি লজৰ পৰা ইৰাণী গ্রুপৰ সদস্য ছয়জনক আটক কৰা বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে৷
ইৰাণী গ্রুপটোৱে শেহতীয়াভাৱে কামৰূপ জিলাত ত্রাসৰ সৃষ্টি কৰিছিল বুলি সদৰী কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে কঠোৰ কার্যব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে৷ কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু উপ–আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা অভিযানত বহিঃৰাজ্যৰ চিলনী চোৰকেইজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
বিহাৰৰ পৰা আহি গুৱাহাটীত বাহৰ পাতি চিলনী চোৰকেইজনে লুটপাত চলাইছিল৷ কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা হিচাপে পৰিগণিত হোৱা এই অভিযানত আঠডাল সোণৰ চেইন, দুখন মটৰচাইকেলসহ চিলনী চোৰৰ গেংটোৰ পৰা জব্দ কৰা হৈছে নগদ ৬৪ হাজাৰ টকা৷ লগতে গেংটোৰ পৰা এঘাৰটাকৈ ম’বাইল ফোন, ছিমকার্ড জলকীয়া গুড়িৰ পেকেট, বান্দৰ কেকোঁৱাৰ গুড়ি, ভুৱা পৰিচয়–পত্রও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷