কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা কমিটীৰ সভা

গুৱাহাটী – কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত জিলা পথ সুৰক্ষা কমিটীৰ গুৰুত্বপূৰ্ণ সভা এখন সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা উন্নয়ন আযুক্ত অতুল কুমাৰ শৰ্মা, গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থসাৰথি মহন্ত, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, উপ-আৰক্ষী আয়ুক্ত (ট্রেফিক) প্রাণজিৎ বৰা, জিলা পৰিবহণ বিষয়া গৌতম দাসৰ লগতে আৰক্ষী, পৰিবহণ, গুৱাহাটী পৌৰ নিগম, লােক নির্মাণ (পথ), লােক নির্মাণ (ৰাষ্ট্ৰীয় ঘাই পথ), ৰাষ্ট্ৰীয় ঘাই পথ প্রাধিকৰণ, স্বাস্থ্য, শিক্ষা আদি সংশ্লিষ্ট বিভাগসমূহৰ জিলা শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত জিলাখনত বিশেষকৈ গুৱাহাটী মহানগৰীত সঘনাই হৈ থকা পথ দুর্ঘটনা ৰােধ কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে আলােচনা কৰা হয়।

জিলা পৰিবহণ বিষয়া গৌতম দাসে বিগত জিলা সুৰক্ষা কমিটীৰ সভাত গৃহীত প্রস্তাৱসমূহ সংশ্লিষ্ট বিভাগসমূহে কেনেদৰে ৰূপায়ণ কৰিছে তাৰ এক আভাষ সভাত দাঙি ধৰে। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে পথ সুৰক্ষাৰ সৈতে জড়িত সংশ্লিষ্ট সকলাে বিভাগকে সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে, গুৱাহাটী মহানগৰীত পথ দুর্ঘটনাৰ সংখ্যা হ্রাস কৰাৰ বাবে নিৰ্ধাৰিত লক্ষলৈ সংশ্লিষ্ট সকলাে বিভাগে একেলগে কাম কৰিব লাগিব আৰু জনসাধাৰণকো এই ক্ষেত্ৰত অধিক সজাগ আৰু সচেতন কৰি তুলিব লাগিব।

গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থসাৰথি মহন্তই সভাত কয় যে, গুৱাহাটী মহানগৰীত সঘনাই সংঘটিত হৈ থকা পথ দুর্ঘটনা ৰােধ কৰা আৰু যানযটৰ সমস্যা সমাধানৰ বাবে অধিক পৰিকল্পিতভাৱে কিছু হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী আঁচনি ৰূপায়ণ কৰাৰ প্ৰয়ােজনীয়তা আহি পৰিছে। এই ক্ষেত্ৰত সু-পৰিকল্পিতভাৱে আগবাঢ়িলেহে সমস্যা সমূহৰ সমাধান হ’ব। জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে, কামৰূপ মহানগৰ জিলাক দুর্ঘটনা মুক্ত জিলা হিচাপে গঢ়ি তােলাৰ বাবে জিলা পৰিবহণ বিভাগে লক্ষ্য স্থিৰ কৰিছে। সংশ্লিষ্ট সকলাে বিভাগৰ সহযােগত বিভাগটোৱে জিলাখনত পথ দুর্ঘটনা ৰােধ কৰাৰ ক্ষেত্ৰত সফল হ’ব পাৰিব বুলি পৰিবহণ বিষয়াগৰাকীয়ে আশা প্রকাশ কৰে। সভাত জিলাখনৰ ক্ৰেছু ইনভেষ্টিগেছন টীমটো নতুনকৈ গঠন কৰা হয় আৰু এই সম্পর্কত শীঘ্ৰে এক জাননী জাৰি হ’ব।

তদুপৰি, জিলা পৰিবহণ বিষয়া গৌতম দাসে দুর্ঘটনা ৰােধ তথা নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰীত অটোমেটিক স্পীড এনফর্ঘমেন্ট ছিষ্টেম প্ৰৱৰ্তন কৰাৰ সম্পৰ্কত এক প্রকল্প প্রতিবেদন সভাত যাৱতীয় বিভাগীয় অনুমােদনৰ বাবে দাখিল কৰে। অহা ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ উদযাপন হ’বলগীয়া ৩২ তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ জিলাখনত বিভিন্ন কার্যাসূচীৰে কেনেদৰে উদযাপন কৰা হ’ব তাৰাে এক আভাষ সভাত জিলা পৰিবহণ বিষয়াগৰাকীয়ে দাঙি ধৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply