গুৱাহাটী – কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন কমিটীৰ জানুৱাৰী মাহৰ সভাখন সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে আলােচনা হয়।
সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে বিভাগসমূহৰ উন্নয়নমূলক কাম-কাজ সমূহৰ পর্যালােচনা কৰে আৰু আধৰুৱা হৈ থকা আঁচনি আৰু প্রকল্পৰ কাম-কাজ শীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈ প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিয়ে। উপায়ুক্ত গৰাকীয়ে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক তথা কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহে বিশেষ অগ্রাধিকাৰ প্ৰদান কৰিব লাগে বুলি সভাত কয়। সভাত কামৰূপ মহানগৰ জিলা পৰিষদৰ অধীনত চন্দ্ৰপুৰত ৰূপায়িত হ’বলগীয়া শ্যামাপ্রসাদ মুখার্জী ৰুৰবান মিচনৰ অধীনৰ বিভিন্ন আঁচনিৰ বিষয়েও আলােচনা হয়।
কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কার্যাবাহী বিষয়া দিবাকৰ দলে এই যােজনাৰ অধীনত চন্দ্ৰপুৰত ৰূপায়িত হ’বলগীয়া আঁচনিসমূহৰ এক আভাষ দাঙি ধৰে। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে, কৃষি, পশুপালন, মীন, উদ্যোগ আৰু বাণিজ্য, পর্যটন, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চন, পঞ্চায়ত আৰু গ্রামােন্নয়ন, বন, দুগ্ধ উন্নয়ন, গড়কাপ্তানি আদি বিভিন্ন উন্নয়নমূলক বিভাগৰ সহযােগত এই মিচনৰ আঁচনিসমূহ ৰূপায়িত হ’লে অঞ্চলটোৰ আর্থ-সামাজিক দিশত এক উল্লেখনীয় পৰিৱর্তন আহিব। এই আঁচনি সন্দৰ্ভত প্রয়ােজনীয় প্রকল্প প্রতিবেদন এতিয়াও যিবিলাক বিভাগে দাখিল কৰা নাই তেনে সংশ্লিষ্ট বিভাগ সমূহক নিজ-নিজ বিভাগৰ সম্পূর্ণ প্রকল্প প্রতিবেদন শীঘ্ৰে দাখিল কৰিবলৈ উপায়ুক্ত গৰাকীয়ে সভাত নির্দেশ দিয়ে।
সভাত কৃষি, উদ্যোগ আৰু বাণিজ্য, সমাজকল্যাণ, জলসিঞ্চন, মীন, হস্ততাঁত বস্ত্রশিল্প, ৰেচম, এপিডিচিএল, শিক্ষা, স্বাস্থ্য, ভূমি সংৰক্ষণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, গড়কাপ্তানি (পথ), গড়কাপ্তানি (গৃহ) আদি বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়া সকলে সংশ্লিষ্ট বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে অবগত কৰে। জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মাই বিভাগ সমূহে আঁচনি সমূহৰ ৰূপায়ণৰ কাম-কাজ নির্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ কৰি তােলাৰ ওপৰত সভাত গুৰুত্ব আৰােপ কৰে। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়াসকলে অংশগ্রহণ কৰে।