হাটশিঙিমাৰী– দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰৰ কালো নদীৰ পৰা দীৰ্ঘদিন ধৰি মাটি খনন কাৰ্য চলাই আহিছে একাংশ ভু মাফিয়াই।
লক্ষ্যনীয় যে মানকাচৰৰ বন বিভাগৰ বীট অফিচৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত প্ৰতিদিনে একাংশ ভু মাফিয়াই মাটি খনন কৰি বিক্ৰী কৰা পৰিলক্ষিত হৈছে। যাৰ ফলত ভাবুকি হৈ পৰিছে সীমান্ত চহৰ মানকাচৰ আৰু কালোৰচৰ নতুন গাওঁ।
কিন্তু এই ক্ষেত্ৰত বন বিষয়া, আৰক্ষী প্ৰশাসন মৌন ভূমিকা অৱলম্বন কৰিছে। ৰফিক আলী নামৰ মানকাচৰৰ ভু-মাফিয়াই জনে একাংশ বন বিভাগৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি দীৰ্ঘদিন ধৰি মাটি খনন কাৰ্য চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।