গুৱাহাটী – কাৰাবন্দী সকলক ৯ মাহ অন্তত সাক্ষাৎ কৰিলে আত্মীয়ই। কৰ’ণা মহামাৰীৰ বাবে কাৰাবন্দী সকলক আত্মীয়ই সাক্ষাৎ কৰিব পৰা নাছিল। সোমবাৰৰ পৰা কাৰাবন্দী সকলক আত্মীয়ৰ লগত সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।
কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা এপ্ৰিল মাহৰ পৰা কাৰাগাৰ সমূহত বন্দী হৈ থকা কাৰাবন্দী সকলক সাক্ষাৎ কৰিব পৰা নাছিল আত্মীয়ই। বৰ্তমান ক্ৰমাৎ পৰিস্থিতি স্বাভাৱিকলৈ ঘুৰি অহাত কাৰাবন্দী সকলক নিজ নিজ আত্মীয়ক সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।
নতুন নীতি-নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা কাৰাবন্দী সকলক তেওঁলোকৰ আত্মীয়ৰ লগত সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। ৰাজ্যৰ অন্যান্য কাৰাগাৰ সমূহৰ লগতে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা সকলে নিজ নিজ আত্মীয়ক সাক্ষাৎ কৰে।
সোমবাৰে লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত ১৩৯২ গৰাকী কাৰাবন্দীক তেওঁলোৰ আত্মীয়ৰ লগত সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰে কাৰাগাৰ কর্তৃপক্ষই। পুৱা ৯ বজাৰ পৰা কাৰাবন্দী সকলক আত্মীয়ৰ লগত সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।