খেৰণি– হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই অহাৰ মাজতে বুধবাৰে পুৱা কাৰ্বি আংলং জিলাৰ খেৰ’নিত দুটা বনৰীয়া হাতীৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। স্থানীয় বাসিন্দাসকলৰ মতে বিদ্যুৎ স্পৃষ্ট হৈ হাতী দুটাৰ মৃত্যু হৈছে।
বহুদিনৰ পৰাই অঞ্চলটোত বনৰীয়া হাতীৰ জাকে বিচৰণ কৰি ফুৰা ৰাইজে প্ৰত্যক্ষ কৰিছিল। বুধবাৰে পুৱা মাটিত পৰি থকা উচ্চ ক্ষমতাযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বনৰীয়া হাতী দুটাৰ কৰুণ মৃত্যু হয়। এই দূৰ্ঘটনাৰ বাবে স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক জগৰীয়া কৰিব বিচাৰিছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হয় আৰু হাতী দুটা উদ্ধাৰ কৰে।
ৰাজ্যত প্ৰতিবছৰে হাতী মানুহৰ সংঘাতৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহাৰ পিছতো বিভাগীয় পক্ষক এইক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।