গুৱাহাটী – “কা” আন্দোলনৰ অন্য এজন নেতাৰ বিজেপিত যোগদান। মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিয়ে পিন্ধিলে গেৰুৱা টুপী। মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ লগতে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকো আহিল বিজেপিলৈ।
“কা” বিৰোধিতা কৰি ৰাজপথ কঁপাই তোলা বিভিন্ন দল-সংগঠনৰ কেইবাগৰাকী নেতাই ইতিমধ্যে গেৰুৱা দলত যোগদান কৰিছে। এটা সময়ত ৰাজপথত “কা” আমি নামানো, বিজেপি মূর্দাবাদ, বিজেপি অসমীয়া জাতিৰ শত্ৰু বুলি চিঞৰ দিয়া বহু নেতা এতিয়া বিজেপিৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত। “কা” আন্দোলনে জন্ম দিয়া বহু নেতা এতিয়া বিজেপিৰ সদস্য-নেতা।
বিগত সময়ছোৱাত “কা” বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰা বহু লোক বিজেপিৰ সদস্য পদ গ্ৰহণ কৰাৰ পিছত পুনৰ এগৰাকী “কা” বিৰোধী নেতাই বৃহস্পতিবাৰে গ্ৰহণ কৰিলে বিজেপিৰ সদস্য পদ। মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণ যোগদান কৰিলে বিজেপিত।
বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে অৰুণজ্যোতি মৰাণে বিজেপি দলত যোগদান কৰে। অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত অৰুণজ্যোতি মৰাণে গেৰুৱা টুপী পিন্ধি বিজেপি দলত যোগদান কৰে। “কা” বিৰোধী আন্দোলনৰ অন্যতম সক্ৰিয় নেতা আছিল অৰুণজ্যোতি মৰাণ।
অৰুণজ্যোতি মৰাণে আগন্তক বিধানসভা নিৰ্বাচনত ডিগবৈ সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীত্ব লাভৰ সম্ভাৱনা আছে বুলিও চৰ্চা চলিছে। মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰদানৰ বাবে অৰুণজ্যোতি মৰাণে দীৰ্ঘ দিন ধৰি দাবী জনাই আহিছিল। অৰুণজ্যোতি মৰাণৰ লগতে বৃহস্পতিবাৰে বিজেপি দলত যোগদান কৰে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰেশ হাজৰিকাই।