গুৱাহাটী – “কা” আন্দোলনৰ শ্বহীদ পৰিয়াললৈ ‘আজমল ফাউণ্ডেশ্যন’ৰ আৰ্থিক অনুদান। দিছপুৰ প্ৰেছ ক্লাৱত ‘আজমল ফাউণ্ডেশ্যন’ৰ ফালৰ পৰা “কা” আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্বহীদ সকলকৰ পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ অনুদান। শ্বহীদ সকলৰ পৰিয়ালক চেক প্ৰদান কৰে বদৰুদ্দিন আজমল আৰু মিৰা বৰঠাকুৰে।
১২ ডিচেম্বৰ ২০১৯ চনৰ আজিৰ দিনটোতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল অসমবাসী ৰাইজ। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি সাব্যস্ত হোৱা প্ৰতিবাদত প্ৰাণ হেৰুৱাইছিল ছজনকৈ যুৱকে। আজি নাগিৰকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি সাব্যস্ত হোৱা প্ৰতিবাদৰ এবছৰ সম্পূৰ্ণ হৈছে।
২০১৯ চনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত প্ৰাণ হেৰুওৱা ছগৰাকী লোকৰ পৰিয়ালক আজি ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ ‘আজমল ফাউণ্ডেশ্যন’ৰ ফলৰ পৰা প্ৰদান কৰা হয় আৰ্থিক অনুদান। দিছপুৰ প্ৰেছ ক্লাৱত “কা” আন্দোলনৰ শ্বহীদ সকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত ‘আজমল ফাউণ্ডেশ্যন’ৰ ফালৰ পৰা শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰতিগৰাকী শ্বহীদ পৰিয়ালক ৫০ হাজাৰ টকাকৈ অনুদান প্ৰদান কৰা হয়।
অনুষ্ঠানত বদৰুদ্দিন আমজম আৰু এ আই ইউ ডি এফ দলৰ কেইবাগৰাকী বিধায়ক আৰু নেতাৰ লগতে উপস্থিত থাকে বিজেপি ত্যাগ কৰা নেত্ৰী মিৰা বৰঠাকুৰ। অনুষ্ঠানত বদৰুদ্দিন আজমল আৰু মিৰা বৰঠাকুৰে প্ৰতিগৰাকী শ্বহীদ পৰিয়ালৰ হাতত তুলি দিয়ে ৫০ হাজাৰ টকাৰ একোটাকৈ চেক।
অনুষ্ঠানত “কা” আন্দোলনৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মিৰা বৰঠাকুৰে কয় অসমৰ ৰাইজে “কা” কেতিয়াও মানি নলয়। “কা” বাতিল হ’বই লাগিব। আনহাতে এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমালে কয় এ আই ইউ ডি এফ দল সদায় “কা”ৰ বিৰোধিতা কৰি আহিছে আৰু অনাগত দিনত এ আই ইউ ডি এফ “কা”ৰ বিৰুদ্ধে থাকিব।