গুৱাহাটী – শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱসাগৰত অংশগ্ৰহণ কৰে এক বিশাল জনসভাত। প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰত বিশাল জনসভাক উদ্দেশ্যি ভাষণ প্ৰদনা কৰি থকাৰ সময়তে ৰাজ্যজুৰি আছুৱে চলাই আছিল প্ৰতিবাদী কাৰ্যসূচী। “কা” আৰু ই আই এ বাতিলৰ দাবীত ছাত্ৰ সন্থাই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা এই বিক্ষোভ কাৰ্যসূচীত আছু কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে “কা” আৰু ই আই এ বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে নগাঁও জিলা ছাত্ৰ সন্থাই। লগতে “কা” সন্দৰ্ভত ছাত্ৰ সন্থাৰ আঞ্চলিক পৰ্যায়ৰ সভাপতি, সম্পাদকৰ সৈতে মুকলি তৰ্ক কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে।
আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত জনসভাত অংশগ্ৰহণ কৰি থকা সময়তে শিৱসাগৰত “কা” বিৰোধীতাৰে আছু’ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণৰ দিনাই শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিৰ সমীপত আছু কৰ্মীয়ে “কা” বাতিলৰ দাবীৰে চলাই আছিল প্ৰতিবাদী কাৰ্যসূচী।