গুৱাহাটী – “কা” গৃহীত হোৱা এবছৰ হ’ব যদিও অসমৰ ৰাইজে “কা” মানি লোৱা নাই আৰু ভৱিষ্যতেও অসমৰ ৰাইজে “কা” মানি নলয়। অসমত এজনো বিদেশীক সংস্থাপন দিয়া নহ’ব। ১৯৭১ চনৰ পিছত অহা হিন্দু-মুছলাম সকলো বিদেশীক খেদিবলৈ আমি বদ্ধ পৰিকৰ। নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল আৰু অখিল গগৈৰ মুক্তি দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদস্থলীৰ পৰা ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ হুংকাৰ।

২০১৯ চনৰ ১১ ডিচেম্বৰ তাৰিখে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছতে সমগ্ৰ দেশৰ লগতে অসমতো ইয়াৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছিল ব্যাপক প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ এদিন পিছতে অৰ্থত ১২ ডিচেম্বৰ ২০১৯ তাৰিখে ৰাজ্যজুৰি সাব্যস্ত হোৱা উত্তাল প্ৰতিবাদত প্ৰাণ হাৰুৱাইছিল পাঁচজনকৈ লোকে। এই আইনখনৰ বিৰুদ্ধে ৰাজ্যজুৰি ধাৰাবাহিক আন্দোল অব্যাহত থকাৰ মাজতে মহামাৰী কৰ’ণাৰ আবিৰ্ভাৱে এই আন্দোলন স্তব্ধ কৰি পেলাই।

১১ ডিচেম্বৰ ২০২০ তাৰিখে এবছৰ হ’ব নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱা। ইয়াৰ প্ৰকমূহুৰ্তত পুনৰ এই আইনখনৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ। বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

মহানগৰীৰ চচলস্থিত প্ৰতিবাদস্থলীত কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কৰ্মকর্তা সকলে অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে অখিল গগৈৰ মুক্তি দাবী জনায়। প্ৰতিবাদস্থলীত ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় “”কা” গৃহীত হোৱা এবছৰ হ’ব যদিও অসমৰ ৰাইজে “কা” মানি লোৱা নাই আৰু ভৱিষ্যতেও অসমৰ ৰাইজে “কা” মানি নলয়। অসমত এজনো বিদেশীক সংস্থাপন দিয়া নহ’ব। ১৯৭১ চনৰ পিছত অহা হিন্দু, মুছলাম সকলো বিদেশীক খেদিবলৈ আমি বদ্ধ পৰিকৰ”।

প্ৰাঞ্জল কলিতাই লগতে কয় “অহা ১১ তাৰিখে ছাত্ৰ সমাজৰ নেতৃত্বত দীঘলীপুখুৰীৰ সন্মুখত ৰণ হুংকাৰ নামেৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত মৃত্যু হোৱা ছগৰাকী মৃতকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বন্তি প্ৰজলন কৰাৰ বাবে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ”।

ইফালে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনখনক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰক চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিয়ে ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে। অখিল গগৈৰ গ্ৰেপ্তাৰ সন্দৰ্ভত চৰকাৰখনক তীব্ৰ সমালোচনা কৰি প্ৰাঞ্জল কলিতাই কয় “প্ৰায় এবছৰ ধৰি অখিল গগৈক চৰকাৰে কাৰাবন্দী কৰি ৰাখিছে। তেওঁক যিটো গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল সেই গোচৰৰ জামিন তেওঁ ৯০ দিনত লাভ কৰিছিল যদিও তেওঁৰ ওপৰত এটাৰ পিছত আনটো গোচৰ জাপি দি তেওঁক কাৰাবন্দী কৰি ৰাখিছে”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,272 other subscribers

Leave a comment

Leave a Reply