ইগুৱাহাটী– মহানগৰীৰ দীঘলীপুখুৰীত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ নেতৃত্বত “কা” বিৰোধী আন্দোলন। এই আন্দোলনত কেইবাগৰাকীও বুদ্ধিজীৱীৰ লগতে শতাধিক লোকে অংশগ্ৰহণ কৰে। এই আন্দোলনত মীৰা বৰঠাকুৰ, মাইনী মহন্ত, অধিবক্তা নেকিবুৰ জামান, ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ লগতে বহুলোকে অংশগ্ৰহণ কৰে।
এই আইনখনৰ বিৰোধিতা কৰি অধিবক্তা নেকিবুৰ জামানে কয়, ‘ ‘কা’ গৃহীত হ’ল ৰজাঘৰীয়াৰ সংখ্য়াৰ জোৰত অসমীয়া মানুহৰ আবেগক কিন্তু বন্ধ কৰি ৰাখিব পৰা নাই। গুৱাহাটী বিশ্ববিদ্য়ালয় বা কটন বিশ্ববিদ্য়ালয়ৰ ছাত্ৰ সমাজে যেতিয়াই এই আন্দোলন আৰম্ভ কৰিছিল যেতিয়া এই আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল তেতিয়া ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দল এই দুটা দল প্ৰতিশ্ৰুতিবদ্ধ আছিল যে অসম চুক্তি আখৰে আখৰে পালন কৰিব। অসম চুক্তি নসাৎ কৰি অসম চুক্তিৰ বিপৰীতে গৈ ৮৬০ জন শ্বহীদক তেওঁলোকে দ্বিতীয় বাৰৰ বাবে শ্বহীদ কৰি ‘কা’ আইন অসমলৈ আনিলে প্ৰৱৰ্তিত কৰিলে ।এই আইন খনৰ জৰিয়তে অসমৰ ভাষা, সংস্কৃতি, সাহিত্য় নিঃশেষ হৈ যাব অসমীয়া জাতি বুলি কোনো জাতি জীয়াই নাথাকিব।গতিকে আজিৰ দিনত আমাৰ এটা দায়বদ্ধতা আছে যদি ভৱিষ্ত প্ৰজন্মক অসমীয়া বুলি জীয়াই থকাৰ ব্য়ৱস্থা কৰিব লগা হয় তেতিয়াহ’লে ‘কা’ আমি কোনো পধ্য় মানি ল’ব নোৱাৰো।’
ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয়, ‘সমগ্ৰ কা বিৰোধী আন্দোলন বিপথে পৰিচালিত কৰা হৈছে বুলি এই কাৰণে প্ৰমাণ হৈছে তাত যি সমূহ শিল্পীয়ে ভাগ লৈছিল এতিয়া তেওঁলোক চৰকাৰৰ পক্ষ। চৰকাৰে উদ্দেশ্য়পৰিণত ভাৱে ছাত্ৰ সমাজৰ আন্দোলনটো বিপথে পৰিচালিত কৰিছিল। অনাগত সময়ত ছাত্ৰ সমাজক মঞ্চ হিচাপে লৈ মন্ত্ৰী বিধায়ক হব নোৱাৰে তাৰ বাবে আমি ব্য়ৱস্থা গ্ৰহণ কৰিম।’
এই চৰকাৰ খনক স্বেচ্ছাচাৰী চৰকাৰ আখ্য়া দি মীৰা বৰঠাকুৰে কয় ,’ এইখন হৈছে স্বেচ্ছাচাৰী চৰকাৰ, গুৰু গোসাই নমনা অগণতান্ত্ৰিক চৰকাৰ। তেওঁলোকে যি ‘কা’ ”বলবৎ জানুৱাৰীৰ পৰা কৰিম বুলি কৈছে কোনো কাৰণতে অসমত ‘কা’ বলবৎ কৰিবলৈ দিয়া নহ’ব। ৰাইজৰ কথাই যদি নুশুলে তেওঁলোকৰ এনেও যিটো স্বেচ্ছাচাৰিটা চলিছে তেওঁলোক বেছিদিন এনেও বলবৎ নহয়।’
লগতে তেওঁ কয়, ‘কৃষক সকলক দেখিছে আজি ইমান দিন হাড় কপোৱা ঠাণ্ডাত ৰাস্তাত ৰখি আছে কিন্তু আদানী আম্বানীৰ স্বাৰ্থত কৃষকৰ আন্দোলনকো মৰ্যাদা দিয়া নাই। তেওলোকে কা আন্দোলনত যি পাঁচ জনকৈ লৰাক নিৰ্মম ভাৱে তেওঁলোকে হত্য়া কৰিলে। গতিকে এই হত্য়াৰ মূল্য় তেওঁলোকে দিব লাগিব আমি কা নামানো,নাই মনা আৰু ভৱিষ্তে অসমত বলব্ত কৰিবলৈ দিয়া নহব। গতিকে অহিংস ভাৱে আমি গণতান্তক্ৰিক আন্দোলন চলাই যাম।’
আনহাতে মাইনী মহন্তই এই জাতিধ্বংসী আইনখনৰ বিৰোধিতা কৰি কয়,’ এখন ধৰ্ম নিৰপেক্ষ ৰাস্ট্ৰ ইয়াতে গণতান্ত্ৰিক অ সাংবিধানিক এই আইন খন যদি মানি লোৱা হয় তেনেহলে বিশ্বসম্প্ৰদায়ত আমাৰ দেশৰ ভাৱ মূৰ্তি বিনষ্ট হব।’
উল্লেখ্য় যে আজিৰ পৰা অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰিছে।