গুৱাহাটী – কা’ বলৱৎ হ’লে প্ৰৱল প্রতিৰোধ সংগ্রাম গঢ়ি তােলাৰ হুংকাৰ অসম জাতীয় পৰিষদৰ। শুকুৰবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ। অসমবাসীক পুনৰ ভয়, শংকা, সংকটৰ মাজলৈ ঠেলি দিব বিচাৰিছে বিজেপি চৰকাৰে। অসমীয়া আৰু খিলঞ্জীয়া ভাষা-সংস্কৃতিৰ শিক্ষা উভালি পেলােৱাৰ পদক্ষেপৰ প্রসংগত মুকলি বক্তব্য প্রকাশ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বুলি অসম জাতীয় পৰিষদৰ অভিযোগ।

ৰাষ্ট্রজুৰি কোভিড-১৯ প্রতিষেধক প্রদান অভিযান অন্ত পৰাৰ পিছতে নাগৰিকত্ব সংশােধনী আইন চমুকৈ ‘কা’ বলৱৎ কৰা হ’ব বুলি গৃহমন্ত্রী অমিত শ্বাহৰ ঘােষণাক অসম জাতীয় পৰিষদে তীব্র ভাষাৰে প্রতিবাদ জনায়। অসমৰ বাবে কোভিড-১৯ তকৈয়াে ভয়াৱহ ‘ভাইৰাছ’ স্বৰূপ এই ‘কা’ যদি অসমত বলৱৎ কৰাৰ পদক্ষেপ বিজেপি চৰকাৰে গ্রহণ কৰে, তেন্তে অসমত এক শক্তিশালী ঐক্যবদ্ধ প্রতিৰােধ সংগ্রাম গঢ়ি তােলা হ’ব বুলি স্পষ্ট কৰি দিয়ে অসম জাতীয় পৰিষদে। অসমৰ লগতে সমগ্র দেশে এনে সংবিধানবিৰােধী, ধর্ম নিৰপেক্ষতাত আঘাত হনা, সম অধিকাৰক নস্যাৎ কৰা আৰু অসমীয়া জাতি ধ্বংসৰ ব্লু-প্রিন্ট স্বৰূপ আইনখন সংখ্যাৰ ৰাজনীতিৰে বলৱ কৰিব বিচাৰিলেও অসমৰ জনসাধাৰণে এই পদক্ষেপক বাধা দিব লাগিব।

অসম জাতীয় পৰিষদে এই জাতিধ্বংসী আইন অসমত বলৱৎ হােৱাত বাধা দিয়াৰ বাবেই ৰাজপথৰ সংগ্ৰামৰ লগতে ৰাজনৈতিক সংগ্রাম আৰম্ভ কৰিছে। ‘কা’ বলৱৎ কৰি অসমীয়া জাতিক ধ্বংসৰ পদক্ষেপ গ্রহণ কৰিলে বিজেপি চৰকাৰ যিকোনাে প্ৰত্যাহ্বান তথা পৰিণামৰ বাবে সাজু থাকিব লাগিব বুলি অসম জাতীয় পৰিষদে স্পষ্ট কৰি দিয়ে।নগাঁও আৰু কাছাৰ কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ বিপৰীতে কেন্দ্রীয় চৰকাৰে লিকুইডেচনৰ প্রক্রিয়াক সমর্থন জনােৱাত জাতীয় পৰিষদে তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে।

পৰিষদৰ স্পষ্ট অভিযােগ বিজেপি দল আৰু চৰকাৰে নিজৰ প্রতিশ্রুতি ভংগ কৰি অসমবাসীক চূড়ান্ত অপমান কৰিছে। কেন্দ্রীয় চৰকাৰক কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সােণােৱাল চৰকাৰে বাধ্য কৰিব নােৱাৰা অৱস্থাই স্পষ্ট কৰি দিলে যে ৰাজ্য চৰকাৰখন অতি দূর্বল চৰকাৰ আৰু অসমৰ জনগণৰ পক্ষত থিয় হ’ব নােৱাৰা চৰকাৰ। অসম জাতীয় পৰিষদে দুয়ােটা কাগজ কল পুনৰুজ্জীৱিত কৰিবই লাগিব বুলি দাবী জনায়। অন্যথা উদ্যোগ ধ্বংসকাৰী বিজেপি চৰকাৰ এক প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি পৰিষদে স্পষ্ট কৰি দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply