শিৱসাগৰ – “কা” বাতিলৰ দাবীত শিৱসাগৰত আছুৰ বৃহৎ জোৰ সমদল। নিশা শিৱসাগৰৰ ৰাজপথ উত্তাল কৰি তোলে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই। “কা” বাতিল নকৰালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ আছুৰ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে বিভিন্ন দল-সংগঠন।বৃহস্পতিবাৰৰ দিনটোৰ পৰাই পুনৰ “কা” বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে আৰম্ভ কৰিছে তীব্ৰ প্ৰতিবাদ। বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটীত কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালে নিশা শিৱসাগৰ নগৰৰ ৰাজপথ উত্তাল কৰি তোলে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই।
নিশা শিৱসাগৰত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এক বৃহৎ জোৰ সমদল উলিয়াই। হাতে হাতে জলন্ত শিখা লৈ সহস্ৰাধিক আছুৰ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰে। শিৱসাগৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা শিৱসাগৰ আছু নেতা সমীৰণ ফুকন, দীপাংকৰ শইকীয়া, মানৱ হাজৰিকাকে আদি কৰি কেইবাগৰাকী নেতাৰ নেতৃত্বত ওলোৱা এই জোৰ সমদলত প্ৰাক্তন আছুৰ নেতা শৰৎ হাজৰিকাই অংশগ্ৰহন কৰে।
শিৱসাগৰ নগৰৰ মাজৰে জোৰ সমদল কৰি প্ৰতিবাদকাৰী সকলে ‘জাতি আজি ৰাজপথত-সৰ্বা তোমাৰ লাজ নাই’, বাংলাদেশী ৰক্ষক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ আদি শ্ল’গানেৰে চহৰত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। আছুৰ নেতা সমীৰণ ফুকনে কয় যে, নাগৰিকত্ব সংশোধনী অইনে অসমীয়া জাতিক নিঃশেষ কৰিব। বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰাৰ পাছতেই ৰাজনৈতিক ক্ষমতা লাভ কৰিব বাংলাদেশী সকলে, অসমীয়াই ৰাজনৈতিক ক্ষমতা হেৰুৱাব লাগিব। অসম দ্বিতীয় ত্ৰিপুৰাত পৰিণত হ’ব।
চাকৰি, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো থলুৱা নিবনুৱা বঞ্চিত হ’ব আৰু আৰু বাংলাদেশীয়ে সকলো সুযোগ-সুবিধা লাভ কৰিব। এতিয়া সকলো শ্ৰেণীৰ লোক ঐক্যবদ্ধ হৈ ওলাই আহি এই আইনখন বাতিলৰ বাবে সংগ্ৰাম কৰিব লাগিব। “কা” বাতিল নকৰালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব বুলিও মন্তব্য প্ৰকাশ কৰে ফুকনে।
উল্লেখ্য যে ২০১৯ চনৰ আজিৰ দিনটোত নাগৰিকত্ব সংশোধনী আইন গৃহীত হৈছিল। নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ এবছৰ সম্পূৰ্ন হোৱাৰ প্ৰাকমূহুৰ্ততে এই আইনখন বাতিলৰ দাবীত পুনৰ সৰৱ হৈ উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন। আছু, কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে পুনৰ ৰাজপথলৈ ওলাই আহি আন্দোলন আৰম্ভ কৰা পৰিলক্ষিত হৈছে।