নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন গাৰ্গ

গুৱাহাটী:- এতিয়াও শেষ হৈ যোৱা নাই কা বিৰোধী আন্দোলন। পুনৰ তীব্ৰতৰভাৱে আৰম্ভ হব আন্দোলন। দেওবাৰে নিশা নৰ্থ ইষ্ট ফেষ্টিভেলত এই কথা ঘোষণা শিল্পী জুবিন গাৰ্গৰ |

উপস্থিত দৰ্শকৰ সন্মুখত জুবিনে ক’লে “কা’ আন্দোলনৰ পিছতে মোৰ গা বেয়া হৈছিল, সেয়েহে আজিকালি মই অলপ কথা পাহৰো, কিন্তু “কা” পাহৰা নাই।’ দৰ্শকৰ শাৰীত বিজেপি, কংগ্ৰেছৰ সমৰ্থক থাকিলেও মই কাকো খাতিৰ নকৰো।”

লগতে জুবিনে কয়, “এইবাৰ কা বিৰোধী আন্দোলন ৰাজপথত নহয়, ভাৰ্চুৱেলি হব। ফেচবুকৰ পৰা আদি কৰি সকলো ছচিয়েল মিডিয়াত অধিক তীব্ৰতৰভাৱে কা বিৰোধী কেম্পেইন কৰা হব” |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply