গুৱাহাটী – মহাৰাষ্ট্ৰ আৰক্ষীয়ে বুধবাৰে পুৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে। ২০১৮ চনৰ এক আত্মহত্যাৰ গোচৰত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৰ্ণৱ গোস্বামীক।ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাৰ অধীনত আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে।
বুধবাৰে পুৱা প্ৰায় ৮ বজাত অৰ্ণৱ গোস্বামীৰ বাসভৱত উপস্থিত হৈছিল মুম্বাই আৰক্ষীৰ এটা ৩০-৪০ জনীয়া দল। উল্লেখ্য যে ৰিপাব্লিক টিভি আৰম্ভ হোৱাৰ এবছৰ পিছত অৰ্থাৎ ২০১৮ চনত ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃয়ে আত্মহত্যা কৰিছিল।
অনভয় নাইকে আত্মহ্যতাৰ পূৰ্বে লিখি থৈ যোৱা এটা চুইচাইড নোটত উল্লেখ কৰিছিল যে ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামী আৰু অন্য দুজন লোকে তেওঁ পাবলগীয়া ৫.৪০ কোটি টকা আদায় নিদি মানসিক চাঁপ দিছিল। ইয়াৰ পিছতে, অনভয় নাইক আৰু মাতৃয়ে আত্মহত্যা কৰাৰ পিছত আলিবাগ আৰক্ষী থানাত অৰ্ণৱ গোস্বামীসহ তিনিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।


কিন্তু এই গোচৰটো কোনো কাৰণত বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ পিছতে মহাৰাষ্ট্ৰত চৰকাৰ সলনি হয়। নতুন চৰকাৰ অহাৰ পিছতেই অনভয় নাইকৰ কন্যা আদন্যা নাইকে পিতৃ আৰু আইতাকৰ আত্মহ্যতাৰ ন্যায় বিচাৰি পুনৰ নতুনকৈ এক অভিযোগ দাখিল কৰে মহাৰাষ্ট্ৰ আৰক্ষীৰ ওচৰত।
এই অভিযোগৰ ভিত্তিতে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে আৰক্ষীক গোচৰটো পুনৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। আৰু প্ৰথমটো পদক্ষেপ হিচাপে আজি পুৱাই বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে অৰ্ণৱ গোস্বামীক।
Adnya Naik had complained to me that #AlibaugPolice had not investigated non-payment of dues from #ArnabGoswami‘s @republic which drove her entrepreneur father & grandmom to suicide in May 2018. I’ve ordered a CID re-investigation of the case.#MaharashtraGovernmentCares
— ANIL DESHMUKH (@AnilDeshmukhNCP) May 26, 2020