গুৱাহাটী – কালি অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কেবিনেট সিদ্ধান্তসমূহ ঘোষণা কৰে।
১) বড়ো ভাষা হ’ব ৰাজ্যৰ চৰকাৰী সহযোগী ভাষা।
২) নিযুক্তি সম্পৰ্কীয় যিকোনো পৰীক্ষাৰ দায়িত্ব বেচৰকাৰী প্রতিষ্ঠানক দিয়া বন্ধ।
৩) বাঙালী, অসমীয়া, বড়ো ভাষাত দিব পাৰিব পৰীক্ষা।
৪) বিটিএডিৰ সকলো ছাইন ব’ৰ্ড অসমীয়াত লিখাতো বাধ্যতামূলক।
৫) গাওবুঢা়ৰ দৰমহা হ’ল ৬৫০০ৰ পৰা ৯০০০ টকা।
৬) এপিএছচিত সদস্য মহিলাৰ সংখ্যা এগৰাকীতকৈ অধিক হ’ব পাৰিব।
৭) অসমৰ ৪২৮ খন চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনত থকাৰ ব্যৱস্থা, পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু য়ুনিফৰ্ম ৰাজ্য চৰকাৰে বহন কৰিব।
৮) স্বীকৃতিপ্ৰাপ্ত আত্ম সহায়ক গোটসমূহক ২৫ হাজাৰ টকাৰ পৰিৱৰ্তে ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব।
৯) মাজুলীত ফৰেষ্ট বিভাগৰ পৰা দুটা ৰেঞ্জ কাৰ্যালয় আৰু চাৰিটা মাণ্ডলিক কাৰ্যালয় গঠন।
১০) বাগানৰ টি প্লানটেশ্যন ফাণ্ড স্কিমৰ জমা পইচা ১ৰ পৰা ২লাখলৈ বঢ়োৱা হ’ল।