কুঁৱলীৰ আচ্ছাদনে ঢাকিছে ৰাজ্য়

নিউজ ডেস্ক- ৰাজ্য়ত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। কুঁৱলীৰ বগা আচঁলেৰে ঢাকিছে সমগ্ৰ ৰাজ্য়। দিনে দিনে বৃদ্ধি হৈছে অসমৰ বিভিন্ন স্থানত কুঁৱলীৰ পৰিমাণ। ক্ৰমান্বয়ে নিম্নগামী হৈছে তাপমাত্ৰা।

দেওবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত ১০ ডিগ্ৰী চেলচিয়াছৰ তললৈ নামিছে তাপ মাত্ৰা। সোমবাৰৰ পৰা বৃহস্পতিবাৰ পৰ্যন্ত তাপ মাত্ৰা ১০ ডিগ্ৰী চেলচিয়াছৰ তললৈ নমাৰ সম্ভাৱনা আছে।

সেমেকা শীতে কঁপাইছে ৰাজ্য়বাসীক

হাড় কপোৱা জাৰে কপাইছে ৰাজ্য়বাসীক। বতৰ বিজ্ঞানীৰ মতে উজনীৰ পৰা নামনিলৈ তাপমাত্ৰা তললৈ নমাৰ লগতে হ’ব পাৰে কম বেছি পৰিমাণে হ’ব পাৰে বৰষুণ। সাগৰপৃষ্ঠত উৎপত্তি হোৱা সামান্য ধুমুহাৰ ফলত সোমবাৰৰ দিনটোত অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ কিছু কিছু ঠাইত ঘন কুঁৱলীয়ে আৱৰি ধৰাৰ আগজাননী জাৰি কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

ইয়াৰ উপৰিও অসমৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰৰ , মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু সংখ্যক ঠাইত কুঁৱলীৰ লগতে প্ৰচণ্ড ঠাণ্ডাৰ প্ৰভাৱ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply