অপহৃত কুইপৰ বিষয়া ৰাম কুমাৰ

নিউজ ডেস্ক: আলফা স্বাধীনৰ হাতত বন্দী হৈ থকা অইল কোম্পানী কুইপোৰ ৰেডিঅ’ অপাৰেটৰ ৰাম কুমাৰক মৃত্যুদণ্ড বিহাৰ ভাবুকি দিছে আলফা স্বাধীনে। সশস্ত্ৰ সংগঠনটোৱে অহা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপ’ৰ বিষয়াগৰাকীৰ মুক্তিৰ ক্ষেত্ৰত কোম্পানীটোৱে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ১৭ ফেব্ৰুৱাৰীত মৃত্যুদণ্ড দিয়া হ’ব বুলি এক বিবৃতিযোগে জনাইছে।

অৰুণাচলৰ পৰা এন এছ চি এন আৰু আলফা স্বাধীনে অপহৰণ কৰিছিল অসমৰ শিৱসাগৰৰ কুইপ’ৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক। দুয়োগৰাকী বিষয়াৰ মুক্তিৰ বিনিময়ত আলফাই কোম্পানীটোৰ পৰা বৃহৎ পৰিমাণৰ মূল্য নিৰ্ধাৰণ কৰিছে যদিও কুইপ’ৰ ফালৰ পৰা বিষয়া দুগৰাকীৰ মুক্তিৰ বাবে কোনো তৎপৰতা প্ৰদৰ্শন কৰা নাই বুলি বিবৃতিটোত উল্লেখ কৰিছে।

কিছুদিন আগেয়ে দুই অপহৃত বিষয়াই কোম্পানী আৰু অসম-বিহাৰৰ মুখ্যমন্ত্ৰীক এইক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ ভিডিঅ’যোগে আহ্বান জনাইছিল। কিন্তু আজি আলফা স্বাধীনে পুনৰ মৃত্যুদণ্ডৰ ভাবুকি দি প্ৰকাশ কৰা বিবৃতিত দুয়োগৰাকী বিষয়াৰ মুক্তিৰ বাবে কোম্পানী আৰু দুয়ো ৰাজ্য মুখ্যমন্ত্ৰীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে। অসমৰ বিষয়া গৰাকীৰ পত্নীয়ে মুখ্যমন্ত্ৰীক লগ ধৰি স্বামীক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ব্যবস্থা লবলৈ অনুৰোধ জনাইছিল |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply