তিনিচুকীয়া: বিগত এমাহ ধৰি আলফা (স্বাধীন)ৰ জিম্মাত থকা কুইপ’ৰ দুই অপহৃত বিষয়া ক্রমে শিৱসাগৰৰ প্রণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ এতিয়ালৈকে মুক্তি নিদিয়াত দুয়োটা পৰিয়ালে পৰেশ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ তেওলোকৰ সন্তানক মুক্তি কৰি দিবলৈ আহ্বান জনাইছে |
দুয়োটা পৰিয়ালৰ লোকে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাক সাক্ষাৎ কৰে। বিহাৰৰ পৰা অহা ৰাম কুমাৰৰ পিতৃয়ে পুত্ৰৰ মুক্তিৰ বাবে অনুৰোধ জনায় ।
অপহৃত বিষয়াদ্বয়ৰ পৰিয়ালৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাতৃ পৰেশ বৰুৱাৰ প্ৰতি বিমল বৰুৱায়ো আহ্বান জনাইছে দুয়োৰে মুক্তিৰ বাবে। উল্লেখ্য, বিহাৰৰ ৰাম কুমাৰৰ ক্ষেত্ৰত ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপো কোম্পানীৰ লগত কোনো মীমাংসা নহ’লে ৰাম কুমাৰক মৃত্যুদণ্ড বিহাৰ ভাবুকি দিছিল আলফাই। এতিয়া এই বিষয়ক লৈ দুয়োটা পৰিয়াল যথেষ্ট উদ্বিগ্নতাৰ মাজত জীৱন কটাইছে।