নগাঁও – কুইপৰ দুই বিষয়া অপহৰণক লৈ চৰকাৰে গ্ৰহণ কৰিছে নিৰ্লিপ্ত ভূমিকা। আলফা এতিয়া গণবিচ্ছিন্ন হৈ পৰিছে। তেজক লৈ ফাকু নেখেলিবলৈ পৰেশ বৰুৱাক আহ্বান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।

কুইপৰ দুই বিষয়াৰ অপহৰণক লৈ চৰকাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি গৰিহণা দিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে। আলফা এতিয়া গনবিচ্ছিন্ন হৈ পৰিছে বুলিও মন্তব্য কৰি তেজক লৈ ফাকু নেখেলিবলৈ আলফা স্বাধীনক আহ্বান জনাইছে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে।

সোমবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে সাংসদ পৰে বৰদলৈয়ে। বিজেপিয়ে অসমখনক সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিকভাৱে ধ্বংস কৰিব বিচাৰিছে। যাৰ বাবে কংগ্ৰেছে অসম বচাওঁ কাৰ্যসূচী গ্ৰহণ কৰিছে।

আগন্তক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰচাৰ কমিটিৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য কৰি লয়। কংগ্ৰেছৰ অসম বচাওঁ কাৰ্যসূচীক সমালোচনা কৰিবলৈ গৈ বচাওঁ শব্দ কোনো অভিধানত নাই বুলি হিমন্তই কৰা কটাক্ষৰ প্ৰত্যুত্তৰ দিলে প্ৰদ্যুৎ বৰদলৈয়ে। হিমন্তৰ অসমীয়া জ্ঞানে শুদ্ধ অসমীয়া বচাওঁ শব্দ ঢুকি নাপায় বুলি কটাক্ষ কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply