হোজাই – কুখ্যাত ড্ৰাগছ মাফিয়া ফিৰোজ আলী আৰক্ষীৰ জালত। ডবকাত হিৰোইনসহ গ্ৰেপ্তাৰ হ’ল কুখ্যাত ড্ৰাগছ মাফিয়া ফিৰোজ আলী। হোজাই জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল ফিৰোজ আলী।
অৱশেষত হোজাই আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ মাফিয়া ফিৰোজ আলী। এক গোপন খবৰৰ ভিত্তিত হোজাই জিলাৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালী আৰু ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুপৰ্ণ গগৈৰ নেতৃত্বত চলা অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ফিৰোজ আলীক।
আৰক্ষীয়ে প্ৰায় ২৯ গ্ৰাম হিৰোইনসহ ফিৰোজ আলীক গ্ৰেপ্তাৰ কৰে। ফিৰোজ আলীৰ কবলৰ পৰা জব্দ হোৱা হিৰোইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য ১৪ লাখ টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।
কুখ্যাত ড্ৰাগছ মাফিয়া ফিৰোজ আলীৰ ঘৰ ডবকাৰ তপতজুৰিত। ফিৰোজ আলীৰ কবলৰ পৰা জব্দ হোৱা হিৰোইনখিনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা সৰবৰাহ কৰি অনা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।