জামুগুৰিহাটঃ কৃত্ৰিম বানৰ কবলত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ একাধিক গাঁও। ফ’ৰলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই অঞ্চলটোৰ মাধৱগাওঁ, কোচঁগাওকে ধৰি কেইবাখনো গাঁওৰ বহু পৰিয়ালৰ ঘৰ-বাৰী কৃত্ৰিম বানৰ কবলত পৰিছে।

ফ’ৰলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাই বৰষুণৰ জমা হোৱা পানী পৰিকল্পিতভাৱে উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এতিয়া জামুগুৰিহাটৰ এই গাঁওকেইখনৰ ঘৰৰ চৌহদ পানীৰ তলত বুৰ যোৱাৰ লগতে খেতিপথাৰৰ ভিতৰতো পানী সোমোৱাৰ ফলত সমস্যাত পৰিছে।

বৰষুণ আহিলেই কৃত্ৰিম বানৰ কবলত পৰা এই পৰিয়াল সমূহে সেয়েহে সংশ্লিষ্ট পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply