নিউজ ডেক্স: উচ্চতম ন্যায়ালয়ে তিনিখন কৃষি আইন প্ৰবৰ্তন কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ দিছে যদিও প্ৰতিবাদত থকা কৃষকসকলে বিশ্বাস কৰিব পৰা নাই | ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ এই আইনৰ ওপৰত পুনৰ বিবেচনা কৰাৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰি দিছে। কৃষক আন্দোলনকাৰীয়ে ন্যায়ালয়ে নিৰ্বাচিত কৰি দিয়া কমিটি খনক বিশ্বাসত ল’ব পৰা নাই ,যাৰ বাবে কৃষক আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে কৃষক মহাসংঘৰ প্ৰতিনিধিয়ে |
সংগঠনটোৰ বক্তব্য হ’ল ন্যায়ালয়ে গঠন কৰি দিয়া সেই কমিটি খনৰ চাৰিজন সদস্যই কৃষি আইন সমথৰ্নকাৰী। যাৰ বাবে তেওলোকৰ মনত নিৰাশা আহিছে |
ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো কংগ্ৰেছে মাত মাতিছে এই ক্ষেত্ৰত, চাৰি জন সদস্যৰে গঠিত এই কমিটিৰ কেউজনেই কৃষি আইন সমৰ্থন কৰে, তেনে ক্ষেত্ৰত ন্যায় কোনে কৰিব।
ন্যায়ালয়ে গঠন কৰা কমিটিখনত ভুপিন্দৰ সিং মান, প্ৰমোদ কুমাৰ যোশী, কৃষি বিশেষজ্ঞ অশোক গুলাটী আৰু অনিল ঘান্টোৱাৰ। এই চাৰিওজন ব্যক্তিয়ে কৃষি আইনৰ ওপৰত কৃষকৰ আপত্তি আৰু চৰকাৰৰ বিচাৰ বিবেচনা সকলো বিচাৰ বিশ্লেষণ কৰি তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব উচ্চতম ন্যায়ালয়ৰ ওচৰত।