সৰ্বোচ্চ ন্যায়ালয়

কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি সংশোধনী আইন বাতিল কৰাৰ দাবীত অব্যাহত কৃষক বিদ্ৰোহৰ আজি ৪৭সংখ্যক দিন। নতুন কৃষি আইন বাতিল কৰাৰ পৰা কৃষক আন্দোলনৰ সৈতে জড়িত আৱেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়। মুখ্য ন্যায়াধীশ এছ এ ববড়ে ফালৰ পৰা চৰকাৰক কয় যে, যেনেকৈ সমগ্ৰ প্ৰক্ৰিয়া চলি আছে তাক লৈ আমি নিৰাশ হৈছো। চৰকাৰ আৰু কৃষকসকলৰ মাজত কি কথা–বতৰা হৈছে আমি নাজানো ।

মুখ্য ন্যায়াধীশ ববড়েই কয় যে, যেনেকৈ চৰকাৰে এই বিষয়টো হেণ্ডেল কৰিছে তাক লৈ আমি সুখী নহয়। আমি নাজানো যে আইন বাতিল কৰিবলৈ কি কৰা হৈছে। যোৱা শুনানিতো আলোচনাৰ কথা কোৱা হৈছিল।

ন্যায়ালয়ে কয়, ‘আমি কৃষকৰ বিষয়ক লৈ বিশেষজ্ঞ নহয়, এই আইনসমূহ আপোনালোকে ৰখাব নে আমি ব্যৱস্থা ল’ম। পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গৈ আছে। মানুহ মৰি আছে আৰু ঠাণ্ডাত বহি আছে।

মুখ্য ন্যায়াধীশ গৰাকীয়ে আৰু কয়, ‘আমি কাৰো তেজেৰে হাত ৰাঙলী হোৱাটো নিবিচাৰো। কিন্তু আমি বিক্ষোভ কৰাত বাধাও দিব নোৱাৰো। আমি এটা পক্ষৰ সৈতে আৰু আনটোৰ বিৰুদ্ধে থাকিব নোৱাৰো |

এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে সৰ্বোচ্চ ন্যায়ালয়ত কয়–’২০০০ কৃষকে প্ৰাইভেট পাৰ্টীৰ সৈতে আগতেই মিলি আছে। এনেকুৱাত কৃষি আইনত বাধা দিলে তেওঁলোকৰ বহুত লোকচান হ’ব।এটৰ্ণী জেনেৰেলে কয় যে আইনৰ পূৰ্বে এক্সপাৰ্ট কমিটি প্ৰস্তুত হয়। বহুতৰ সৈতে চৰ্চা কৰা হয়। আগতেও চৰকাৰে এই দিশত চেষ্টা কৰিছিল। চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কয়–চৰকাৰে কৃষকৰ সমস্যাৰ প্ৰতিটো দিশ বিচাৰ কৰি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply