ট্ৰেক্টৰ ৰেলীৰ বাবে সাজু হৈছে কৃষক

নিউজ ডেক্স: প্ৰতিবাদী কৃষকৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আলোচনাত আজিও সমাধান সুত্ৰ নোলাল | এতিয়ালৈকে আঠবাৰকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিছে কৃষক সংগঠন | পৰবৰ্তী আলোচনা ১৫ জানুৱাৰীত পুনৰ হোৱাৰ সম্ভাবনা আছে |

প্ৰচন্ড শীতৰ মাজত নিজৰ দাবীত বিগত ৪৪দিনে অটল আছে কৃষকসকল। দিল্লীত বৃহস্পতিবাৰে মহিলাসকলে টেক্টৰ ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সিন্ধু বৰ্ডাৰৰ পৰা কেইবাগৰাকীও মহিলাই নিজে টেক্টৰ চলাই আহি দিল্লীত উপস্থিত হৈছে।

উল্লেখ্য যে, ২৬ জানুৱাৰীত প্ৰতিবাদী কৃষকসকলে টেক্টৰ ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰিছে | এই ৰেলীৰ প্ৰস্তুতি হিচাবে ৩৫০০খনৰো অধিক টেক্টৰ লৈ সিন্ধু, টিকৰী আৰু গাজীপুৰ বৰ্ডাৰত ৰেলী উলিওৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply