পঞ্জাৱ চৰকাৰে প্ৰকাশ কৰিছে ম'বাইল টাৱাৰ ধ্বংস কৰাৰ তথ্য

নিউজ ডেক্স:- কৃষি আইনৰ বিৰোধিতাৰে পঞ্জাৱ হাৰিয়ানাৰ কৃষকে দিল্লীৰ সীমান্তত চলাই থকা আন্দোলনৰ পিছত এতিয়া আন দিশে গতি কৰিছে আন্দোলনকাৰীৰ কাৰ্যপন্থা | এই আইনে পুঁজিপতিক সহায় কৰিব বুলি ক্ষোভ প্ৰকাশ কৰি বিদ্ৰোহী কৃষকে পঞ্জাৱত ১৫৬১ টা মোবাইলৰ নেটৱৰ্ক যোগানকাৰী টাৱাৰ ধ্বংস হৈছে। ধ্বংস কৰা টাৱাৰ সমূহ মুকেশ আম্বানী গ্ৰুপৰ জিঅ’ ৰ বুলি প্ৰকাশ হৈছে |

পঞ্জাৱ চৰকাৰৰ ফালৰ পৰা মোবাইল টাৱাৰ ধ্বংস কৰাৰ এই তথ্য দাঙি ধৰা হৈছে।পঞ্জাৱৰ মুখ্য মন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে ইতিমধ্যে আৰক্ষীক মোবাইল টাৱাৰ ধ্বংসকাৰী সকলৰ বিৰুদ্ধে আৰু টেলিকম সেৱা বিঘ্নিতকাৰীৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, দিল্লী আৰু হাৰিয়ানৰ পৰা অহা হাজাৰ হাজাৰ কৃষকে দিল্লী সীমান্তত এমাহৰো অধিক কাল কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে।কেন্দ্ৰ চৰকাৰৰ সৈতে প্ৰতিবাদী কৃষক সকলৰ কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে যদিও এতিয়ালৈ কোনোধৰণৰ সমাধান ওলোৱা নায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply