কৃষক বিৰোধী আইন বাতিলৰ দাবীত অসম কংগ্ৰেছৰ ৰাজপথত আন্দোলন

গুৱাহাটী: কৃষক বিৰোধী আইন বাতিলৰ দাবীত শণিবাৰে মহানগৰীত প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটী ৰটাৰী ক্লাৱৰ পৰা আৰম্ভ হৈছিল এই প্ৰতিবাদ। ৰাজ্যিক কংগ্ৰেছে গ্ৰহণ কৰিছে ৰাজভৱন ঘেৰাও কাৰ্যসূচী।

কৃষক বিৰোধী আইন বাতিলৰ দাবী সাৱস্ত্য কৰা হৈছে এই প্ৰতিবাদ।পেট’ল ,ডিজেল আৰু ৰন্ধন গেছৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধেও এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছে। মহানগৰ আৰক্ষীয়ে ইতিমধ্যে

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইনক আটক কৰিছে।

ৰাজভৱন ঘেৰাও কাৰ্যসূচীলৈ অহা বিভিন্ন কংগ্ৰেছী সদস্যক বাটতেই আবদ্ধ কৰে ইয়াকে লৈ খাৰুপেটীয়াত উত্তাল প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ। ৰাজভৱন ঘেৰাও কাৰ্যসূচীলৈ গৈ থকা দুখন বাছক আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ প্ৰতিবাদ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply