ধেমাজি: ধেমাজি জিলাৰ অন্তৰ্গত গোগামুখ মিংমাংত কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিৰ পঞ্চম দ্বি- বাৰ্ষিক মিংমাং অধিবেশন আজি অনুষ্ঠিত হয় ।
অধিবেশনত মুখ্য অতিথি হিচাপে অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা , পদ্মশ্ৰী যাদৱ পায়েঙ , শিৱসাগৰ বিধায়ক অখিল গগৈ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
অধিবেশন উপলক্ষ্যে আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই অংশগ্ৰহণ কৰে ।
অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে গছ থাকিলে মানুহ থাকিব এই বিষয়ত গুৰুত্বপূৰ্ণ বক্তা আগবঢ়োৱাৰ লগতে অৰুণ হাজৰিকা আৰু অখিল গগৈয়ে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহুৰ লগত সংগতি ৰাখি চান্দা ওপৰত যি মন্তব্য দিছিল তাৰ ওপৰত বক্তব্য ৰাখি বিহু ৰাইজৰ দান বৰঙণিৰ দ্বাৰাই হয় বুলি মন্তব্য কৰে। ইয়াৰ লগতে NHPC য়ে নদীবান্ধ সম্পূৰ্ণ কৰিলে অসমৰ বাবে ভয়াবহ হ’ব বুলি মন্তব্য কৰে।
বৃহৎ নদীবান্ধক লৈ আকৌ সোচ্চাৰ হয় বিধায়ক অখিল গগৈ । নদীবান্ধৰ ফলত ক্ষতিগ্ৰস্থ হ’ব লগা অঞ্চলৰ ৰাইজক পুনৰ আন্দোলন কৰিবলৈ আহ্বান মোক জেলত ভৰাই থৈ চৰকাৰে নদীবান্ধ সম্পূৰ্ণ কৰাৰ অভিযোগ অখিল গগৈৰ। চৰকাৰে টোলগেট বনাই ৰাইজক বিপদত পেলাইছে বুলিও কয় অখিল গগৈয়ে। থলুৱাক মাটিৰ পট্টা দিবলৈ দাবী বিধায়ক গগৈৰ।

লগতে পঢ়ক – অস্কাৰৰ বাবে মনোনীত দলিত মহিলা সাংবাদিকৰ কাহিনীৰে নিৰ্মিত তথ্যচিত্ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply