গুৱাহাটী – কৃষি আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ। দিল্লীৰ কৃষক আন্দোলন আহি পালে অসম। নগাঁও, বাক্সা আৰু ডিব্ৰুগড়ত কৃষি আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ। নগাঁৱত বাওঁপন্থী দলৰ প্ৰতিবাদৰ সমান্তৰালে বাক্সাত কেইবাটাও সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ।

কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে এমহতকৈও অধিক দিন ধৰি দিল্লীত কৃষক সকলে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে এইবাৰ কৃষি আইনৰ বিৰুদ্ধে ৰাজ্যত ওলাই আহিল কেইবাটাও দল-সংগঠন। নগাঁৱত বাওঁপন্থী দলে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালে বাক্সাত অংগনবাদী কর্মী, ৰন্ধন কর্মী, নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিক ইউনিয়ন আৰু কৃষক সভাৰ প্ৰতিবাদী সমদল।

দিল্লীত চলি থকা কৃষক আন্দোলনক সমৰ্থন জনাই কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত নগাঁৱত বাওঁপন্থী দল সমূহে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চি পি আই, চি আই টি ইউ আৰু ৰাজ্যিক কৃষক সভাৰ উদ্যাগত নগাঁৱৰ ৰাজপথত উলিওৱা হয় এক প্ৰতিবাদী সমদল। প্ৰতিবাদকাৰী সকলে কৃষি আইন বাতিলৰ দাবী জনাই নগাঁও চহৰৰ মূল পথ অৱৰোধ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে।

বাক্সা জিলাতো কৃষি আইন বাতিল দাবীত ৰূপায়ন কৰা হয় ‘আইন অমান্য আন্দোলন’ কাৰ্যসূচী। বাক্সাত অংগনবাদী কর্মী, ৰন্ধন কর্মী, নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিক ইউনিয়ন আৰু কৃষক সভাৰ উদ্যাগত ৰূপায়ন কৰা ‘আইন অমান্য আন্দোলন’ কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক মহিলাই মুছলপুৰ দুৰ্গা মন্দিৰ চৌহদত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী মহিলা সকলে এক সমদল উলিয়াই ৰাজপথ অৱৰোধ কৰে।

প্ৰতিবাদকাৰী সকলে কৃষি আইন বাতিল কৰক, বিজেপি মূর্দাবাদ, নৰেন্দ্ৰ মোদী মূর্দাবাদ ধ্বনিৰে মুছলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে। ইফালে ডিব্ৰুগড় জিলাৰ ফুলবাগানত কৃষি আইন বাতিল কৰাৰ দাবীত প্ৰতিবাদকাৰী সকলে ৰাজপথ অৱৰোধ কৰে। প্ৰতিবাদকাৰী সকলে নাঙললৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

ডিব্ৰুগড়ৰ ফুলবাগানত ৰাজপথ অৱৰোধ কৰা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি হোৱাও পৰিলক্ষিত হয়। প্ৰতিবাদকাৰী সকলে কৃষি আইন নামানো, কৃষি আইন বাতিল কৰক ধ্বনি দি ৰাজপথৰ ওপৰত শুই পৰে। পৰৱৰ্তী সময়তে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰে। আৰক্ষীৰে হোৱা হতাহতিত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হোৱা বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply