জুৰীয়া – কৃষি আইন প্ৰত্যাহাৰৰ দাবীত মঙলবাৰৰ ভাৰত বন্ধত পূৰ্ণ সঁহাৰি জুৰীয়া আৰু ৰূপহীৰ কৃষক ৰাইজৰ। কৃষক ৰাইজৰ ৰাজপথ অৱৰোধ কাৰ্যসূচীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ। সমগ্ৰ নগাঁও জিলাত ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ।
ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা যায় নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত। পুৱাৰে পৰা নগাঁও জিলাত দোকান-পোহৰ বন্ধ থকাৰ লগতে ঠায়ে ঠায়ে কৃষি আইনৰ বিৰুদ্ধে দেখিবলৈ পোৱা যায় প্ৰতিবাদ। জিলাখনৰ ৰূপহী আৰু জুৰীয়া অঞ্চলতো পূৰ্ণ প্ৰভাৱ পৰিলক্ষিত হয় ভাৰত বন্ধৰ।
ৰূপহী আৰু জুৰীয়াৰ কৃষক ৰাইজে কৃষি আইন বাতিলৰ দাবীত ৰাজপথ আবদ্ধ কৰাৰ লগতে পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোদী মূর্দাবাদ, বিজেপি মূর্দাবাদ, কৃষি বিল বাতিল কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ।
নগাঁও জিলাৰ জুৰীয়াৰ শিঙাৰীত ভাৰত বন্ধৰ সমৰ্থনত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, কৃষক গৰিব ন্যায় সন্থা আৰু ধিং দুৰ্নীতি বিৰোধী সন্থাৰ উদ্যোগত প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰায় পাঁচ শতাধিক সমৰ্থকেৰে উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সম্পাদক আৰূপ কুমাৰ মহন্ত আৰু কৃষক গৰিব ন্যায় সন্থাৰ উপদেষ্টা মুস্তাফা ছালিম আহমেদে অংশগ্ৰহণ কৰে।