কৃষ্ণগুৰু সেৱাশ্ৰমত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং

নিউজ ডেক্স: দলীয় আভ্যন্তৰীণ কন্দল দূৰ কৰি দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰিবলৈ অসমত বাহৰ পাতিছে কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিং |দলীয় নেতা কৰ্মীৰ লগতে মন্দিৰে মছজিদে আশীষ লৈ ফুৰিছে তত্বাবধায়ক জন |নামনি অসমত বিভিন্ন সভা সমিতিত অংশ লৈছে প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জন |

সোমবাৰে সদলবলে নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং। আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ কৃষ্ণ গুৰু সেৱাশ্ৰম দৰ্শন কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে ।

কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ গুৰুগৃহত প্ৰৱেশ কৰিলে জিতেন্দ্ৰ সিঙে । সংগ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। লগত থাকিল সাংসদ প্ৰদ্যুত বৰদলৈ |

কৃষ্ণগুৰু সেৱাশ্ৰম দৰ্শন কালত আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ লগতো এক বৈঠকত মিলিত হয় । ইয়াৰ পিছতে পাকা বেটবাৰী আৰু সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত বুথ সন্মিলনত অংশ লয় তত্বাবধায়ক জিতেন্দ্ৰ সিং |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply