নিউজ ডেক্স:- অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ এতিয়া পূৰ্ণ গতিত চলিছে, আশা কৰা হৈছে সময়তকৈ আগতেই ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব | উচ্চতম ন্যায়ালয়ে দিয়া ৰায় মতে অযোধ্যাতে এটা মছজিদ নিৰ্মাণ কৰিবৰ বাবেও ৰাজ্যচৰকাৰক মাটিৰ আবন্টন দিবৰ বাবে নিৰ্দেশ দিছিল | অযোধ্যাৰ ধন্নীপুৰ গাঁৱত দিয়া পাঁচ একৰ ভূমিত নিৰ্মাণ হ’বলগীয়া মছজিদটো কেনে হ’ব সেই সম্পৰ্কে কৌতুহল বহুজনৰে আছিল | শেহতীয়াকৈ উত্তৰ প্ৰদেশ চেন্ট্ৰেল চুন্নী ব’ৰ্ডে প্ৰকাশ কৰিছে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া মছজিদটোৰ ব্লুপ্ৰীণ্ট। বাবৰি মছজিদতকৈ বৃহৎ এই মছজিদটোত একেলগে ২০০০ লোকে নামাজ পঢ়িব পাৰিব বুলি প্ৰকাশ কৰিছে চু্ন্নী ৱাক্ফ ব’ৰ্ডে।
মছজিদটোতকৈ বিশাল হ’ব মছজিদত সংলগ্ন চিকিৎসালয়খন। ইয়াৰ লগতে থাকিব বিশাল কমিউনিটি হল আৰু চুফী মিউজিয়াম।
ইফালে ৩০০ বিচনাযুক্ত চিকিৎসালয়খন মছজিদতকৈ তিনিগুণ বৃহৎ হ’ব বুলি প্ৰকাশ কৰিছে | চুন্নী ৱাক্ফ ব’ৰ্ডে প্ৰকাশ কৰা মতে ৩,৫০০ স্কোৱেৰ মিটাৰ ভূমিত নিৰ্মাণ কৰা হ’ব চিকিৎসালয়ৰ কমপ্লেক্সটো।

সমগ্ৰ কমপ্লেক্সটোত বিদ্যুৎ সংযোগৰ ব্যবস্থা নাথাকিব। ইয়াৰ বিপৰীতে সৌৰশক্তিৰ দ্বাৰা ইয়াৰ বিদ্যুৎ উৎপাদন আৰু সংৰক্ষণ কৰাৰ ব্যবস্থা কৰাৰ বাবে সাজু হৈছে |অষ্ট্ৰেলিয়াৰ পৰা সেউজীয়া ঘাঁহ আনি সমগ্ৰ চৌহদটোত সংস্থাপন কৰাৰো ব্যবস্থা কৰিব |
জামিয়া ইছলামিয়াৰ অধ্যাপক এছ এম আখতাৰ আৰু জেএন ইউ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা মিউজিয়াম কিউৰেটৰ পুষ্পেশ পন্টে এই সমগ্ৰ নক্সা প্ৰস্তুত কৰি উলিয়াইছে।