জালুকবাৰী উৰণীয়া সেঁতুত অবৈধ পার্কিং

নিউজ ডেস্ক: নামনি অসমৰ পৰা সোমোৱা পথতে মহানগৰীৰ জালুকবাৰীৰ উৰণীয়া সেঁতুৰ তলে-ওপৰে গঢ়ি উঠিছে অবৈধ বাছ আস্থান৷ কেৱল বাছ আস্থানেই নহয় জালুকবাৰীৰ উৰণীয়া সেতুৰ আশে-পাশে গঢ়ি উঠা অবৈধ দোকান–পোহাৰে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে৷ সদাব্যস্ত অঞ্চলটোত গঢ়ি উঠা অবৈধ বাছ আস্থান আৰু দোকান-বজাৰে পৰিৱেশ কলুষিত কৰাই নহয় ভয়াৱহ অঘটনৰ আশংকা বঢ়াই তুলিছে ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২০ চনৰ ৭ জানুৱাৰীত মহানগৰ আৰক্ষী আৰু গুৱাহাটী পৌৰ নিগমক জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধি ক্ষেত্রৰ কাষত আৰু উৰণীয়া সেতুৰ তলে-ওপৰে গঢ়ি উঠা অবৈধ বাছ আস্থান আৰু দোকান–পোহাৰ সমূহ উচ্ছেদ কৰিবলৈ কঠোৰ নির্দেশনা জাৰি কৰিছিল৷

উচ্চ ন্যায়ালয়ৰ নির্দেশৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্তই জালুকবাৰীৰ উৰণীয়া সেতুৰ ২০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত অস্থায়ী দোকান–পোহাৰ স্থাপন নকৰিবলৈ নিষেধাজ্ঞা জাৰি কৰাৰ লগতে উৰণীয়া সেতুৰ ওপৰত বাছৰ পার্কিং নকৰিবলৈ নির্দেশনা জাৰি কৰিছিল৷ আৰক্ষী আয়ুক্তৰ নির্দেশৰ পাছতে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ অতিৰিক্ত আৰক্ষী আয়ুক্তই জালুকবাৰী উৰণীয়া সেতুৰ তলে–ওপৰে যাত্রীবাহী বাহনৰ আস্থান স্থাপন কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল৷

কিন্তু একাংশ অসাধু আৰক্ষী বিষয়াক মেনেজ কৰি আকৌ এটা চক্রই পুনৰ উৰণীয়া সেতুৰ তলে–ওপৰে অবৈধ বাছ আস্থান গঢ়ি তোলাৰ লগতে পুনৰ অস্থায়ী দোকান–পোহাৰ বহুৱাই ব্যৱসায় চলাই আহিছে ৷ অভিযোগ অনুসৰি এই দালাল চক্রটোৱে আৰক্ষী আৰু পৌৰ নিগমৰ নাম লৈ প্রতিখন দোকানৰ পৰা ২০ৰ পৰা ১০০ টকালৈকে গুণ্ডাকৰ সংগ্রহ কৰি অহাৰ অভিযোগ উঠিছে ৷

জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিকে ধৰি বিভিন্ন দল–সংগঠন আৰু স্থানীয় ৰাইজে সদাব্যস্ত জালুকবাৰীৰ উৰণীয়া সেতুৰ তলে–ওপৰে গঢ়ি উঠা বাছ আস্থান আৰু দোকান–পোহাৰ উচ্ছেদ কৰিবলৈ বহুবাৰ আবেদন–নিবেদন কৰা সত্ত্বেও এইক্ষেত্রত কোনো গুৰুত্ব প্রদান নকৰিলে মহানগৰ আৰক্ষীৰ লগতে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই৷

উচ্চ ন্যায়ালয়ৰ নির্দেশ উলংঘাৰে জালুকবাৰী উৰণীয়া সেতুৰ তলে–ওপৰে গঢ়ি উঠা বাছ আস্থান আৰু দোকান–পোহাৰ আদি উচ্ছেদ কৰিবলৈ কেতিয়াবা ব্যৱস্থা গ্রহণ কৰিব নে নাই সেয়া চাবলগীয়া হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply