গুৱাহাটী – এখন আত্মনিৰ্ভৰশীল দেশ গঢ়িবলৈ হ’লে প্রয়ােজন হয় আত্মনিৰ্ভৰ গ্রামাঞ্চলৰ আৰু ইয়াৰ বাবে ক্ষুদ্র খেতিয়কসকলৰ সামগ্রিক বিকাশ অতি প্রয়ােজনীয়। সেয়ে চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্রহণ কৰি কৃষকসকলে নিজৰ উন্নয়নৰ লগতে দেশৰ আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা উচিত। গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তর্জাতিক প্রেক্ষাগৃহত অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা আয়ােজিত হিতাধিকাৰীৰ মাজত কৃষি যন্ত্রপাতি আদি বিতৰণ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ মন্ত্ৰী নৰেন্দ্র সিং টোমৰে কৃষকসকললৈ এনেদৰে আহ্বান জনায়।

মন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত কয় যে ২০২২ চনত দেশৰ স্বাধীনতাৰ ৭৫ বছৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কৃষকসকলৰ আয় দুগুণ কৰাৰ যি লক্ষ্য লৈছে সেই লক্ষ্যৰ দিশে অসম চৰকাৰ সবলভাৱে ধাৱমান হৈছে। অনুষ্ঠানটোত কৃষক আৰু কৃষক গােটসমুহলৈ ৰাজ সাহায্য প্রদান কৰাৰ লগতে ট্রেৰ, পর্টেবল স্ত্রীঙ্কলাৰ, পাৱাৰ গ্ৰেছাৰ আৰু পাৱাৰ টিলাৰ বিতৰণ কৰা হয়। ইয়াৰােপৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অনুষ্ঠাটোৰ পৰাই দৰং জিলাৰ খাৰুপেটীয়াত নৱনির্মিত ৫,০০০ মেট্রিক টন শক্তিসম্পন্ন শীতল ভঁৰালটোও আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।

অনুষ্ঠানৰ মুখ্য অতিথি তথা কৃষিমন্ত্রী অতুল বৰাই ৰাজ্য চৰকাৰে কৃষিখণ্ডলৈ অনা আমূল পৰিৱর্তনৰ ওপৰত আলােকপাত কৰে। ইয়াৰােপৰি অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই ৰাজ্য চৰকাৰৰ বিভিন্ন কৃষি আঁচনিৰ সফলতাৰ শলাগ লয়। অনুষ্ঠানত অসম চৰকাৰৰ কৃষি বিভাগৰ প্ৰধান সচিব ৰাজেশ প্রসাদৰ লগতে ভালেকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply