গুৱাহাটী – কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ । তেওঁলোকে ২০১৯-২০ বৰ্ষৰ বাবে লাভ কৰিব বোনাচ। মোডী কেবিনেটে কৰ্মচাৰী সকলৰ এই বোনাচ প্ৰদানৰ অনুমতি প্ৰদান কৰিছে। কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে।
এই অনুসৰি উৎপাদনশীলতা সংযোজিত বোনাচ (পিএলবি) বোনাচ লাভ কৰিব দেশৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ১৩.৭০ লাখ কৰ্মচাৰীয়ে। অৱশ্যে বানিজ্যিক প্ৰতিষ্ঠানৰ ১৬.৯৭ লাখ কৰ্মচাৰীয়েও লাভ কৰিব ইয়াৰ সুফল।
#Cabinet approves payment of productivity linked bonus for 2019-2020 to 16.97 lakh non-gazetted employees of commercial establishments like railways, posts, defence, EPFO, ESIC, etc.#CabinetDecisions
(1/2)
Details: https://t.co/Ut3mNXj2H4 pic.twitter.com/mhcOP2JPjB
— PIB India (@PIB_India) October 21, 2020
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নন গেজেটেট কৰ্মচাৰী সকলে এই বোনাচ লাভ কৰে। কেন্দ্ৰীয় কেবিনেটে ৰে’লৱে, পোষ্ট, ৰে’লৱে সুৰক্ষা, ইপিএফঅ’, ইএছআইচি-ৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক ২০১৯-২০ বৰ্ষৰ বাবে উৎপাদনশীলতা সংযোজিত বোনাচ (পিএলবি) পৰিশোধৰ বাবে অনুমোদন প্ৰদান কৰিছে। এই বোনাচৰ ফলত মুঠ বিত্তীয় ব্যয় হ’ব ৩৭৩৭ কোটি টকা । মুঠ ৩০ লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই বোনাচ ।