চিৰাং জিলাৰ দুৰ্গাপুৰ অঞ্চলত আজি মথাউৰিৰ শিলান্যাস অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি আই নৈৰ পাৰত এখন সভা অনুষ্ঠিত হয় । এই সভাত মন্ত্ৰী পীযুষ হাজৰিকা, বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে উপস্হিত থাকে আৰু ভাষণ প্ৰদান কৰে ।

বিগত বহু বছৰ ধৰি চুবুৰীয়া ৰাষ্ট্ৰ ভূটান পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা আই নৈৰ গৰাখহনীয়াই বহু অঞ্চলক ক্ষতিগ্রস্থ কৰি আহিছে।     

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত চিৰাং জিলাৰ বেংতল ৰাজহচক্ৰ এলেকাৰ আই নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বেংতল ৰাজহচক্ৰৰ দুৰ্গাপুৰ গাঁৱত এফ এম বি এফ ইউ আচঁনিৰ অধীনত জিঅ’ বেগ মথাউৰিৰ শিলান্যাস কৰে।

আনহতে, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে, চাৰিটা পৰ্যায়ত ১২৫ কোটি ২১ লাখ টকা ব্যয় সাপেক্ষে ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিঅ’ বেগ মথাউৰি নিৰ্মাণ কৰা হ’ব। এইবাৰ মথাউৰিৰ মাজে মাজে ২৪ টাকৈ শ্লুইছ গেট বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিটিআৰ এলেকাত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিগত দিনত বি টি চি প্ৰশাসনক জলসম্পদ বিভাগক বছৰি মাত্ৰ ১৮ কোটি টকা আবণ্টিত হৈছিল কিন্তু যোৱা দুটা বছৰত বিটিচি এলেকাত বানপানী নিয়ন্ত্ৰণ কৰিবলৈ ১০০ কোটি টকাকৈ আবণ্টন দিয়া হৈছে বুলি সদৰি কৰে ।

ইতিমধ্যে,মন্ৰীগৰাকীয়ে চিৰাঙৰ মথাউৰি নিৰ্মাণ কৰিবলৈ ঠিকাদাৰক তিনিমাহৰ সময়সীমা বান্ধি দিয়ে। কিন্তু বাৰিষাৰ সময়ত এই মথাউৰিৰ কাম বন্ধ কৰি নৱেম্বৰ মাহৰ পৰা পুনৰ কাম আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।  

আকৌ, বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে অসমৰ ব্ৰহ্মপুত্ৰ নৈৰ লগতে অন্যান্য নৈৰ বানপানী তথা গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বৰ্তমান সময়ত অসম চৰকাৰে বিজ্ঞান সন্মত ভাৱে কাম কৰি থকাৰ কথা উল্লেখ কৰে । এতিয়া বানপানী নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে মথাউৰি বনাই উক্ত মথাউৰিটোকে মানুহ যাতায়াতৰ পথ হিচাপে ব্যবহাৰ কৰিব পৰাকৈ নতুন পদ্ধতিৰ প্ৰশংসা কৰি আঁদৰণি জনায় প্ৰমোদ বড়োই । আনহাতে, এই অনুষ্ঠানত বি টি আৰ ৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া, বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া, বি টি আৰ ৰ জলসম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য উকীল মুছাহাৰী ডাঙৰীয়া, উপায়ুক্ত ডাঙৰীয়া, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপী ডাঙৰীয়া, সমাজ কৰ্মী অৰূপ নাথ ডাঙৰীয়া তথা আন আন কাৰ্য্যবাহী সদস্য সকলক উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply