গুৱাহাটী– অসমীয়াৰ প্ৰাণৰ বিহু ৰঙালী বিহু এইবাৰ উদযাপন কৰিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে। এতিয়াৰ পৰা বহাগ বিহুৰ বাবে কোনো বন্ধ নাপাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে।
কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা ২০২১ বৰ্ষৰ বন্ধৰ নতুন তালিকাখনত, বিগত বছৰবোৰত থকাৰ বহাগ বিহুৰ বাবে নাথাকে নিৰ্ধাৰিত কোনো বন্ধ দিন। ইয়াৰ বিপৰীতে অসমৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এইবাৰ উদযাপন কৰিব নোৱাৰিব মাঘ বিহু।পৰৱৰ্তী বৰ্ষত অৱশ্যে মাঘ বিহুৰ বন্ধ পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে।