নিউজ ডেস্ক- আগন্তুক শীতকালীন অধিবেশনত কংগ্ৰেছ দলে কৃষক আন্দোলন, কৰোনা ভেকচিনৰ লগতে অৰ্নব গোস্বামীৰ বাৰ্কৰ পূৰ্বৰ মূখ্য কাৰ্যবাহী পাৰ্থ দাসগুপ্তাৰ সৈতে হোৱা ৱাটচএপ মেছেজিং শেহতীয়াকৈ প্ৰকাশ পোৱাত সেই সম্পৰ্কে আলোচনা কৰাৰ সিদ্ধান্ত লৈছে |
কংগ্ৰেছ ৱকিং গ্ৰুপৰ শুকুৰবাৰে অনুষ্ঠিত সভাত এই সিদ্ধান্ত লোৱা হয় | কংগ্ৰেছ দলে দেশৰ প্ৰতি ভাবুকিৰ কথা উল্লেখ কৰি অৰ্নবৰ বিষয়টোৰ সন্দৰ্ভত জেপিচি গঠনৰ বাবে দাবী জনাইছে | আজিৰ সভাতেই কংগ্ৰেছৰ নতুন সভাপতি অহা জুন মাহত নিৰ্বাচন কৰিব বুলি প্ৰকাশ কৰে |
কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশন ২৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ বাজেট অধিবেশন সন্দৰ্ভত অনুসৰন কৰিবলগীয়া নিয়ম সম্পৰ্কে অৱগত কৰিছে । অধ্যক্ষ গৰাকীয়ে কোৱা অনুসৰি বাজেট অধিবেশন শীতকালীন অধিবেশনৰ দৰে অনুষ্ঠিত হ’ব ।
শীতকালীন অধিবেশনৰ দৰে সামাজিক দুৰত্ব মানি চলাৰ বাবে সাংসদ সকলৰ মাজত এখন বৈঠকৰ আয়োজন কৰা হ’ব । প্ৰশ্নোত্তৰ কাল এক ঘণ্টাৰ বাবে পুনৰ আৰম্ভ কৰা হ’ব । ছেপ্টেম্বৰ অধিবেশনত প্ৰশ্নোত্তৰ শিতান বাতিল কৰা হৈছিল। বাজেট অধিবেশনৰ সময়ত কোৰোনাৰ বাবে কৰিবলগীয়া প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হ’ব ।